ETV Bharat / state

আৰক্ষীৰ চকুৰ সন্মুখতে চুৰি এখন স্কপিঅ' বাহন - এখন স্কপিঅ' বাহন

নলবাৰী চহৰত হঠাৎ এখন বলেৰো বাহনত তিনিজনীয়া এটি দুৰ্বৃত্তৰ দল আহি স্কপিঅ' বাহন খন কৌশলেৰে লৈ যায়। CC TV কেমেৰাত বন্দী হ'ল সম্পূৰ্ণ দৃশ্য ৷

theft-is-a-scopyo-vehicle-at-nalbari
আৰক্ষীৰ চকুৰ সন্মুখতে চুৰি এখন স্কপিঅ' বাহন
author img

By

Published : Dec 5, 2020, 8:12 PM IST

নলবাৰী, 5 নৱেম্বৰঃ নলবাৰী চহৰত শুকুবাৰে এখন বিলাসী বাহন চোৰ হোৱা ঘটনাই সমগ্ৰ জিলাখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে যোৱা নিশা নলবাৰী সদৰ থানাৰ নিচেই সমীপৰ ইণ্ডিয়ান অইল ডিপোটোত ৰাখি থোৱা আছিল AS-14J/8488 নম্বৰৰ এখন স্কপিঅ' বাহন ৷

আৰক্ষীৰ চকুৰ সন্মুখতে চুৰি এখন স্কপিঅ' বাহন

উল্লেখ্য যে, CC TV কেমেৰাত বন্দী হোৱা ফুটেজ অনুসৰি, হঠাৎ এখন বলেৰো বাহনত তিনিজনীয়া এটি দুৰ্বৃত্তৰ দল আহি স্কপিঅ' বাহন খন কৌশলেৰে লৈ যায়। বাহনখনৰ গৰাকী জনৰ নাম হৈছে পক্ষীন্দ্ৰ কলিতা ৷

ইফালে, স্থানীয় লোকৰ অভিযোগ মতে, এই ঘটনাৰ সমগ্ৰ দৃশ্য CC TV কেমেৰাত বন্দী হয় যদিও এতিয়ালৈ নলবাৰী আৰক্ষীয়ে চুৰি বাহনখনৰ লগতে চোৰৰ দলটোৰ কোনো সুত্ৰ উলিয়াব পৰা নাই ৷ সমান্তৰালভাৱে নলবাৰী আৰক্ষীৰ চকুৰ পলকতে প্ৰায়ে এনেধৰণৰ চুৰি ঘটনা সংঘটিত হৈ আহিছে বুলি ক্ষোভ প্ৰকাশ কৰিছে চহৰ খনৰ একাংশ সচেতন লোকে ৷

লগতে পঢ়কঃ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ বীৰ সৈনিকৰ স্মাৰক উন্মোচন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.