ETV Bharat / state

Tense Situation at Nalbari : হত্যাকাৰীৰ হাতেৰে টীকাকৰণ নকৰায় নলবাৰীৰ কনিহাবাসীয়ে

জেললৈ পৰা ওলাই আহি এগৰাকী আশাকৰ্মীয়ে পুনৰ চাকৰিত যোগদান কৰাক লৈ বুধবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় নলবাৰীৰ এটা স্বাস্থ্য উপ-কেন্দ্ৰত(Tense situation at Khatikuchi Sub Center) ৷ স্বামী হত্যাৰ অভিযোগত অভিযুক্ত স্বাস্থ্যকৰ্মীগৰাকীৰ হাতেৰে টীকাকৰণ নকৰোৱাৰ সিদ্ধান্ত লৈ একাংশ উত্তেজিত মহিলাই কেন্দ্ৰটোৰ পৰা বাহিৰ কৰি দিয়ে আশাকৰ্মীগৰাকীক ৷

Tensed Situation at Nalbari
হত্যাকাৰীৰ হাতেৰে টীকাকৰণ নকৰায় নলবাৰীৰ কনিহাবাসীয়ে
author img

By

Published : Dec 22, 2021, 9:28 PM IST

নলবাৰী, 22 ডিচেম্বৰ: এগৰাকী আশাকৰ্মীয়ে চাকৰিত যোগদান কৰাক লৈ বুধবাৰে নলবাৰীৰ দলবাৰীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ উত্তেজিত লোকসকলে কৰ্তব্যৰত অৱস্থাত থকা কৰ্মীগৰাকীক স্বাস্থ্যকেন্দ্ৰৰ পৰা বাহিৰ কৰি দিয়ে ৷ হত্যাৰ অভিযোগত কাৰাবাস খটা স্বাস্থ্যকৰ্মীগৰাকীৰ হাতেৰে টীকা নোলোৱাৰ সিদ্ধান্ত গ্ৰহণ স্থানীয় ৰাইজৰ ৷

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দলবাৰী কনিহা গাঁৱৰ এগৰাকী আশাকৰ্মীক প্ৰায় ৫ মাহৰ আগত স্বামীক কুঠাৰেৰে ঘপিয়াই হত্যা কৰাৰ অভিযোগত জেললৈ প্ৰেৰণ কৰা হৈছিল । কিছুদিন পিছত জেলৰ পৰা ওলাই আহি পুণৰ আশাকৰ্মী হিচাপে যোগদান কৰে মহিলাগৰাকীয়ে । হত্যাৰ অভিযোগত অভিযুক্ত মহিলাগৰাকী কাৰাগাৰৰ পৰা ওলাই আহি চাকৰিত পুনৰ যোগদান কৰাক লৈ বুধবাৰে দলবাৰী কনিহাৰ খাতিকুছি উপ-স্বাস্থ্য কেন্দ্ৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে সহস্ৰাধিক মহিলাই (Tense situation at Khatikuchi Sub Center) ৷

হত্যাকাৰীৰ হাতেৰে টীকাকৰণ নকৰায় নলবাৰীৰ কনিহাবাসীয়ে

আশাকৰ্মীগৰাকী কৰ্মৰত হৈ থকা অৱস্থাত স্থানীয় মহিলাসকলে স্বাস্থ্যকেন্দ্ৰটোত প্ৰৱেশ কৰি তেওঁক বাহিৰলৈ উলিয়াই দিয়ে ৷ স্থানীয় মহিলাসকলে হত্যাকাৰীৰ হাতেৰে নিজৰ শিশুক টিকাকৰণ কৰিবলৈ নিদিয়ে বুলি উল্লেখ কৰাৰ লগতে অনতি পলমে আশাকৰ্মীগৰাকীক চাকৰিৰ পৰা নিলম্বন কৰিবলৈ দাবী জনায়।

লগতে পঢ়ক: Suspicious suicide at DU: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ আত্মহত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.