ETV Bharat / state

Cheating in Love: প্ৰেমিকাৰ গোচৰৰ ভিত্তিত জেললৈ গ’ল প্ৰেমিক শিক্ষক

author img

By

Published : Nov 3, 2022, 8:55 PM IST

নলবাৰীত প্ৰেমিকাক প্ৰতাৰণা কৰাৰ অভিযোগত শিক্ষকক গ্ৰেপ্তাৰ (Teacher arrest in Nalbari) ৷ শিক্ষক তথা সাংবাদিক প্ৰদীপ বৰ্মনক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ বেলশৰ আৰক্ষীৰ (Teacher arrested for cheating)। ধৰ্মপুৰৰ লখোপুৰৰ এগৰাকী যুৱতীক প্ৰেমত প্ৰৱঞ্চনা কৰাৰ অভিযোগত বৃহস্পতিবাৰে বেলশৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰতাৰক প্ৰদীপ বৰ্মনক ।

Nalbari teacher  arrested
Nalbari teacher arrested

নলবাৰী, 3 নৱেম্বৰ: প্ৰেম কৰি জেললৈ গ’ল শিক্ষক ৷ দীৰ্ঘদিন ধৰি প্ৰেম আৰু শাৰীৰিক সম্পৰ্কৰ চলাই যোৱাৰ পাচত হঠাৎ শিক্ষকজনে প্ৰতাৰণা কৰে এগৰাকী যুৱতীক (Nalbari teacher arrested) ৷ উপায়হীন হৈ যুৱতীয়ে গোচৰ তৰিলে থানাত ৷ সেই গোচৰ অনুসৰিয়েই আৰক্ষীয়ে তদন্তৰ অন্তত গ্ৰেপ্তাৰ কৰিলে শিক্ষকজনক ৷ অভিযুক্ত শিক্ষকজন সাংবাদিকতাৰ সৈতেও জড়িত বুলি জানিব পৰা গৈছে ৷

এই ঘটনাটো সংঘটিত হৈছে নলবাৰী জিলাত ৷ জিলাখনৰ ধৰ্মপুৰ সমষ্টিৰ অন্তৰ্গত লখোপুৰৰ এগৰাকী যুৱতীৰে দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্ক বজাই ৰাখি পৰৱৰ্তী সময়ত প্ৰতাৰণা কৰাৰ অভিযোগ পশ্চিম নলবাৰীৰ এজন শিক্ষকৰ বিৰুদ্ধে (Teacher arrested for cheating)। চামতা মটৰ ষ্ট্যাণ্ড নিবাসী তথা কৈঠালকুছি মিলন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক প্ৰদীপ কুমাৰ বৰ্মনৰ বিৰুদ্ধে এই অভিযোগ আনিছে এগৰাকী যুৱতীয়ে ৷

ভুক্তভোগী যুৱতীগৰাকীয়ে যোৱা ১ নৱেম্বৰত স্থানীয় বেলশৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে প্ৰদীপ কুমাৰ বৰ্মনৰ বিৰুদ্ধে (Teacher cum journalist arrested) । সেই মৰ্মে, আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৪২০/৩৭৬ ধাৰাৰ অধীনত ২২৫/২২ নম্বৰত এটা গোচৰ ৰুজু কৰে । লগতে আৰক্ষীয়ে নিৰ্যাতিতা যুৱতীগৰাকীৰ স্বাস্থ্য পৰীক্ষাৰো ব্যৱস্থা গ্ৰহণ কৰে ।

ইফালে অভিযুক্ত শিক্ষকজন হৈছে পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ সম্পাদক তথা এখন হিন্দী কাকতৰ স্থানীয় সংবাদদাতা । যুৱতীগৰাকীয়ে কৰা অভিযোগ কৰা অনুসৰি, প্ৰেমৰ চলনাৰে বিয়া কৰোৱাৰ প্ৰলোভন দি বহুদিন ধৰি তেওঁৰ সৈতে শাৰীৰিক সম্পৰ্ক বজাই ৰাখিছিল শিক্ষক-সাংবাদিকজনে । বিগত প্ৰায় ডেৰ বছৰ ধৰি শিক্ষক বৰ্মনে যুৱতীগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্ক বজাই ৰাখিছিল যদিও ২১ আগষ্টৰ পৰা সকলো সম্পৰ্ক নোহোৱা কৰে ৷

প্ৰেমিকাৰ গোচৰৰ ভিত্তিত জেললৈ গ’ল প্ৰেমিক শিক্ষক

উপায়হীন হৈ অৱশেষত ন্যায় বিচাৰি কিছুদিন পূৰ্বে পশ্চিম নলবাৰী প্ৰেছ ক্লাৱ আৰু নলবাৰী জিলা সাংবাদিক সন্থাক সুকীয়া সুকীয়াকৈ পত্ৰ প্ৰেৰণ কৰে যুৱতীগৰাকীয়ে । ইয়াৰ পিছতো কোনো সঁহাৰি লাভ নকৰাত ভুক্তভোগী যুৱতী গৰাকীয়ে ন্যায় বিচাৰি আৰক্ষী প্ৰশাসনৰ কাষ চাপে ।

পিছত আজি বেলশৰ আৰক্ষীয়ে শিক্ষক প্ৰদীপ বৰ্মনক কৈঠালকুছিৰ পৰা আটক কৰিবলৈ সক্ষম হয় (Teacher arrest in Nalbari) ৷ ইতিমধ্যে প্ৰৱঞ্চক শিক্ষক প্ৰদীপ বৰ্মনক বেলশৰ আৰক্ষীয়ে জিলা ন্যায়ধীশৰ আদালতত হাজিৰ কৰোৱাৰ পিছত জেললৈ নিক্ষেপ কৰে । উল্লেখনীয়ভাৱে চৰকাৰী নীতিৰ বিৰুদ্ধে গৈ শিক্ষকতা কৰি থকাৰ পাচতো সাংবাদিকতাৰে জড়িত হৈ আইন ভংগৰ অপৰাধো কৰিছে শিক্ষকজনে ৷

লগতে পঢ়ক: Tense situation in Kayakuchi College: প্ৰতিবাদৰ মাজতে অসুস্থ কয়াকুছি মহাবিদ্যালয়ৰ শিক্ষাৰ্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.