ETV Bharat / state

ছাত্ৰীক অশালীন ইংগিত দিয়াৰ অভিযোগত শিক্ষকক আটক - শিক্ষকৰ বিৰুদ্ধে ছাত্ৰীক অশালীন ইংগিত দিয়াৰ অভিযোগ

নলবাৰীত শিক্ষকৰ বিৰুদ্ধে ছাত্ৰীক অশালীন ইংগিত দিয়াৰ অভিযোগ ৷ বিদ্যালয়ৰ সম্মুখত ধৰ্ণাত বহিল ৰাইজ ৷ পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ আটক কৰে শিক্ষক গৰাকীক ৷

teacher arrested
teacher arrested
author img

By

Published : Oct 13, 2020, 5:22 PM IST

নলবাৰী, 13 অক্টোবৰ : জীৱন বাটৰ নৈতিকতাৰে আগবঢ়ি যাবলৈ শিক্ষা প্ৰদান কৰে শিক্ষাগুৰুৱে । কিন্তু একাংশ শিক্ষকৰ বাবে গুৰু আৰু শিষ্যৰ সম্পৰ্ক এতিয়া কলুষিত হ’বলৈ ধৰা পৰিলক্ষিত হৈছে । তেনে এক ঘটনা সংঘটিত হৈছে নলবাৰী জিলাৰ নিজটাপা গাঁৱৰ বৰী টাপাৰ ঠুটিকাটাত ৷ ৰাইজৰ অভিযোগ অনুসৰি এজন শিক্ষকৰ অশালীন ব্যৱহাৰৰ বাবে বৰী -টাপা শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷

ছাত্ৰীক অশালীন ইংগিত দিয়াৰ অভিযোগত শিক্ষকক আটক

বিদ্যালয় খনৰ বিজ্ঞান বিভাগৰ শিক্ষক তথা নলবাৰী ডিৰুৱাৰ নিবাসী প্ৰকাশ দত্তৰ বিৰুদ্ধে এগৰাকী প্ৰাক্তন ছাত্ৰীক স্কুলৰ বাহিৰত অশালীন ইংগিত দিয়াৰ অভিযোগ উত্থাপন হৈছে ৷ এই গুৰুতৰ অভিযোগ তুলিছে ছাত্ৰী গৰাকীৰ লগতে স্থানীয় ৰাইজে । যাক লৈ গাঁও খনৰ সকলো ৰাইজে স্কুল সন্মুখত উপস্থিত হৈ শিক্ষক জনৰ এই কাৰ্যৰ বিৰোধিতা কৰি ধৰ্ণা দিয়ে ৷

আনহাতে একাংশ স্থানীয় লোকে অভিযোগ কৰে যে, শিক্ষক প্ৰকাশ দত্ত নামৰ শিক্ষক জনে ইয়াৰ পূৰ্বেও এনে কাৰ্য সংঘটিত কৰা ৰাইজৰ দৃষ্টিগোচৰ হৈছিল । পাচত ঘটনাস্থলীত বেলশৰ থানাৰ আৰক্ষী উপস্থিত হৈ শিক্ষক গৰাকীক আটক কৰে ।

লগতে পঢ়ক : জলসিঞ্চন বিভাগৰ শাখা সহায়ক পদৰ ফলাফল ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.