নলবাৰী,2 জানুৱাৰী : নলবাৰীত সংঘটিত হৈছে এক ৰহস্যজনক আত্মহত্যাৰ ঘটনা । নলবাৰী চহৰৰ মাজ মজিয়াৰ জাপাৰকুছিৰ নিৱাসী তথা কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড৹ পমী তালুকদাৰে নিজ বাসগৃহতে ৰহস্যজনকভাৱে আত্মহত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ জিলাখনত ৷
ঘটনাৰ বিবৰণী মতে,বিগত দুবছৰ পূৰ্বে অধ্যপিকাগৰাকীয়ে নলবাৰী বৰ আজাৰাৰ অশ্বিনী ডেকা নামৰ এগৰাকী বিবাহিত পুৰুষৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল ৷ তাৰ পাচৰ পৰাই অশ্বিনীয়ে অধ্যপিকা পমীৰ এটিএম কাৰ্ডকে ধৰি সকলো সামগ্ৰী নিজৰ অধীনলৈ নি মানসিকভাৱে অধ্যপিকা গৰাকীক হাৰাশাস্তি কৰি অহাৰ অভিযোগ উত্থাপন হৈছে ৷
লক্ষণীয়ভাৱে এই ঘটনাক কেন্দ্ৰ কৰি অধ্যপিকা গৰাকীয়ে 30 ডিচেম্বৰৰ নিশা নিজ দেহত অগ্নি সংযোগ কৰি আত্মহত্যা কৰে । ঘটনা সন্দৰ্ভত অশ্বিনী ডেকাক আটক কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে ৷ ইয়াৰোপৰি,ইতিমধ্যে মৃত অধ্যাপিকা গৰাকীৰ বাসগৃহত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ৷
লগতে পঢ়ক : গোৱালপাৰাত দীৰ্ঘদিনে সন্ধানহীন দুজন যুৱক