নলবাৰী,19 এপ্ৰিলঃ নলবাৰীৰ মোল্লাপাৰাত দেওবাৰে পুৱাই সংঘটিত হৈছে এক কৰুণ ঘটনা ৷ চিপ লৈ আত্মহত্যা কৰে এগৰাকী মহিলাই ৷ মহিলাগৰাকীৰ নাম স্বম্বাৰী বিস্বাস ৷ চিৰাঙৰ ভূটাগাঁৱৰ মহিলাগৰাকী নলবাৰীৰ "তৃষ্ণা হোটেল"ৰ কৰ্মচাৰী আছিল বুলি জানিব পৰা গৈছে ৷ কিন্তু বৰ্তমানেও জানিব পৰা হোৱা নাই মহিলাগৰাকীৰ আত্মহত্যাৰ কাৰণ ৷ উল্লেখযোগ্য যে কৰ'ণা ভাইৰাছৰ আতংকৰ বাবে নলবাৰীৰ মোল্লাপাৰক নিষিদ্ধ এলেকা হিচাপে ঘোষণা কৰিছিল জিলা প্ৰশাসনে ৷
লগতে পঢ়কঃ লক ডাউনৰ বাবে প্ৰদূষণ হ্ৰাস পাইছে গুৱাহাটী মহানগৰীত