ETV Bharat / state

নলবাৰীত ধুমুহাই তচনচ কৰিলে বহুলোকৰ বাসগৃহ ; বিদ্যুত সংযোগ ব্যাহত

ধুমুহাৰ তাণ্ডৱত বিপৰ্যস্ত নলবাৰীৰ জনজীৱন ৷ বিগত ডেৰ মাহৰ ব্যৱধানত তিনিবাৰকৈ অহা ধুমুহাই বিস্তৰ ক্ষতিসাধন(Strom causes extensive damage in Nalbari) কৰিছে জিলাখনৰ সাধাৰণ লোকৰ ৷ মাজনিশা অহা এজাক ধুমুহাই মহতিয়াই নিলে বহুলোকৰ বাসগৃহ ৷ জিলাখনৰ ঠায়ে ঠায়ে বিদ্যুৎ সংযোগ ব্যাহত ৷

strom-causes-extensive-damage-in-nalbari
নলবাৰীত ধুমুহাই তচনচ কৰিলে বহুলোকৰ বাসগৃহ
author img

By

Published : Apr 23, 2022, 12:24 PM IST

নলবাৰী, 23 এপ্ৰিল : কিছুদিনৰে পৰা ৰাজ্যত বিধ্বংসী ৰূপ ধাৰণ কৰি একপ্ৰকাৰ তাণ্ডৱ সৃষ্টি কৰি আহিছে প্ৰকৃতিয়ে ৷ যাৰ ফলত বিস্তৰ ক্ষতিসাধন হৈছে বহুলোকৰ বাসগৃহ(Strom causes extensive damage in Nalbari) ৰ লগতে অন্যান্য সা-সামগ্ৰীৰ ৷

শুকুৰবাৰে মাজনিশা নলবাৰী জিলাৰো বহু অঞ্চলত তাণ্ডৱ সৃষ্টি কৰে ধুমুহা-বৰষুণে ৷ জিলাখনৰ পূৱ ঘগ্ৰাপাৰ, পানীগাঁও, পকোৱা, সন্ধেলী, চামতা, বালিজাৰ, বালিকৰিয়া, কৈঠালকুছি আদি অঞ্চলৰ লগতে চহৰৰ মাজমজিয়াতো তাণ্ডৱ সৃষ্টি কৰে ধুমুহাই ৷

ধুমুহাত বিস্তৰ ক্ষতিসাধন

মাজনিশা প্ৰায় 12 বজাত অহা ধুমুহা জাকৰ তাণ্ডৱৰ ফলত বহু লোকৰ বাসগৃহৰ টিনপাত উৰি পৰাৰ লগতে গছ-গছনিসমূহো উঘালি পৰে ৷ তদুপৰি ধুমুহাৰ বাবে বিদ্যুতৰ খুঁটাসমূহ উভালি পৰাত মাজনিশাৰে পৰা জিলাখনৰ ভিন্ন প্ৰান্তত বিদ্যুৎ সেৱা ব্যাহত হৈ আছে ৷ জিলাখনৰ ভিন্ন প্ৰান্তত বিগত ডেৰ মাহৰ ব্যৱধানত তিনিবাৰকৈ অহা ধুমুহাই বিস্তৰ ক্ষতিসাধন কৰিছে জনজীৱনৰ ৷

লগতে চাওক : পহিলা ব’হাগৰ ধুমুহাই বঙাইগাঁৱত তচনচ কৰিলে খেতিয়কৰ সপোন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.