ETV Bharat / state

আছুৱে কেউদিশে জ্বলাই দিলে যোগানমন্ত্রীৰ পুত্তলিকা - AASU PROTEST AGAINST PRICE HIKE

বাজাৰত লাগিছে জুই আৰু চৰকাৰ আছে শুই । আছুৰ প্ৰতিবাদত উত্তাল ৰাজ্য় ।

AASU burnt Supplies Ministers portrait
অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 11, 2024, 3:08 PM IST

গোলাঘাট: অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে ৰাজ্যবাসীক। সকলো ধৰণৰ বয়-বস্তুৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে ৰাইজক জলা-কলা খুৱাইছে । মূল্যবৃদ্ধি ৰোধৰ দাবীত ৰাইজে চৰকাৰক দাবী জনাই আহিছে যদিও চৰকাৰে এইক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা নাই । সেয়ে অব্যাহত আছে প্ৰতিবাদ ।

সোমবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান ক্ৰমে মূল্যবৃদ্ধি ৰোধৰ দাবীত ৰাজ্য়জুৰি যোগানমন্ত্রী ৰণজিৎ কুমাৰ দাসৰ পুত্তলিকা দাহ কৰা হয় ।

অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি (ETV Bharat Assam)

গোলাঘাটত সদৌ অসম ছাত্ৰ সন্থাৰ গোলাঘাট নগৰ আঞ্চলিক সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্য়স্ত কৰে । গোলাঘাট আঞ্চলিক সমিতিয়ে আজি গোলাঘাট নগৰৰ বেজবৰুৱা চাৰিআলিত যোগানমন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । ছাত্ৰ সংগঠনটোৰ গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দীপক গগৈয়ে এই সন্দৰ্ভত কয়,"বজাৰত লাগিছে জুই আৰু চৰকাৰ আছে শুই । বজাৰত শাক-পাচলিৰ পৰা আৰম্ভ কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি চৰকাৰে নিয়ন্ত্ৰণ কৰিব পৰা নাই আৰু যেতিয়ালৈকে নিয়ন্ত্ৰণ কৰিব নোৱাৰে আমাৰ প্ৰতিবাদ অব্যাহত থাকিব ।"

আনহাতে, উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক হিমাংশু শইকীয়াই কয়,"অনিয়ন্ত্ৰিত হাৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ কোনো কাণসাৰ নাই ।" সংগঠনটোৱে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু যোগান মন্ত্ৰীক সকীয়াই দি কয় যে যদিহে অতিশীঘ্ৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ নকৰে তেতিয়া সংগঠনটোৱে তীব্ৰতৰ আন্দোলন গঢ়ি তুলিব ।

মূল্যবৃদ্ধিৰ বিৰুদ্ধে লখিমপুৰত প্ৰতিবাদ

আন জিলাসমূহৰ দৰে লখিমপুৰতো আছুৰ প্ৰতিখন আঞ্চলিক সমিতিয়ে যোগান মন্ত্রীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ জনায় । লখিমপুৰ নগৰৰ ডি কে ৰোড সংযোগী চাৰিআলিত যোগানমন্ত্ৰীৰ পুত্তলিকা দাহ কৰে আছুৱে । প্ৰতিবাদথলীত ৰাজ্যত নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধি ৰোধত ব্যৰ্থতা দেখুওৱা অসম চৰকাৰৰ যোগান বিভাগৰ বিৰুদ্ধে উত্তৰ লখিমপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বই ক্ষোভ প্ৰকাশ কৰে । যোগানমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি অতিশীঘ্ৰে মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবী তোলে ছাত্ৰ সন্থাই ।

জোনাইতো আছুৱে দাহ কৰিলে যোগানমন্ত্ৰীৰ পুত্তলিকা

আছুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে জোনাইতো আছুৱে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । জোনাই আঞ্চলিক ছাত্ৰ সন্থাই শ্বহীদ বেদী প্ৰাংগণৰ পৰা সমদল উলিয়াই জোনাই সদৰৰ জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়স্থিত তিনিআলিত যোগান মন্ত্ৰীৰ পুত্তলিকা দাহ কৰে । এই কাৰ্যসূচীত সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ তথ্য সম্পাদক কল্লোল কোঁৱৰ, জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি লোহিত গজমেৰ, জোনাই মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মানৱ বণিয়া উপস্থিত থাকে ।

লগতে পঢ়ক:ধেমাজিৰ পাচলিৰ বজাৰত জুই, খালী মোনা লৈ বিমুখ মনেৰে ঘৰলৈ উভতিছে ক্ৰেতা

আলু-পিঁয়াজৰ মালা পিন্ধি মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.