ETV Bharat / state

Helpless grandmother from Nalbari: কেনে আছে দেৱযানী আইতা ?

author img

By

Published : Aug 7, 2022, 8:43 PM IST

কেও-কোনো নথকা এগৰাকী অসহায় আইতা (Helpless grandmother from Nalbari)৷ সত্তৰোৰ্দ্ধৰ আইতাগৰাকীয়ে এটা ভগা জুপুৰীতে কটাইছে জীৱনৰ শেষ সময়খিনি ৷ আনটো বাদেই কাঠিৰ কাষতে থকা এটা খালৰ পানীৰেই তেওঁ দূৰ কৰে তৃষ্ণা ৷ স্বাধীনতাৰ পয়সত্তৰ বছৰৰ পিছতো আজিলৈ চৰকাৰৰ কোনো আঁচনিয়ে ঢুকি নোপোৱা আইতাগৰাকীৰ জীয়া কাহিনীৰে আজিৰ এই প্ৰতিবেদন...

Helpless grandmother from Nalbari
Etv Bharatকেনে আছে দেৱযানী আইতা ?

নলবাৰী, 7 আগষ্ট : উন্নয়নৰ বতাহে স্পৰ্শ নকৰা এগৰাকী অকলশৰীয়া, অসহায় আইতাৰ জীয়া কাহিনী ৷ আইতাৰ জীৱন ধাৰণৰ দৃশ্য দেখিলে সেমেকি উঠিব আপোনাৰ দুচকু (Story of a single grandmother from Nalbari)৷ আইতাৰ থাকিবলৈ নাই এটা ভাল ঘৰ ৷ নাই বিশুদ্ধ খোৱা পানী ৷ খালৰ পানীৰে নিবাৰণ কৰে তৃষ্ণা ৷

আমি কৈ থকা সত্তৰ উৰ্দ্ধৰ আইতাগৰাকীৰ নাম দেৱযানী দাস । ঘৰ নলবাৰীৰ বৰভাগৰ আৰংগমৌত । কেও-কিছু নোহোৱা আইতাগৰাকীয়ে ভাঙি-ছিঙি জৰাজীৰ্ণ ৰূপ লোৱা এটা ঘৰতে কটাইছে জীৱনৰ বিয়লি বেলা (Helpless grandmother from Nalbari)৷ প্ৰকৃততে আইতাই থকা ঘৰটোক ঘৰ বুলি ক’ব নোৱাৰি ৷

কিয়নো আইতাৰ ঘৰতোৰ চাৰিবেৰ কোনোমতে ত্ৰিপালেৰে বান্ধি ৰখা হৈছে ৷

একেটা কোঠালিতে ম’হ-ডাঁহৰ মাজত খোৱা-বোৱা, শোৱা সকলো কৰে আইতাগৰাকীয়ে । আইতাগৰাকীৰ কোনো নাই ৷ অৱশ্যে দুজন ভায়েক আছে । কৰ্মসূত্ৰে ব্যস্ত দুয়ো ভায়েক থাকে ডিফুত । দুই ভায়েকৰ যেন খবৰ ল’বলৈ আহৰি নাই বৃদ্ধা বায়েকৰ ৷ কেতিয়াবা আহে দুই-এপইচা হাতত গুজি দি গুচি যায় ৷ দায়িত্ব যেন তেওঁলোকৰ সেইখিনিতেই শেষ ৷

কেনে আছে দেৱযানী আইতা ?

লগতে পঢ়ক : Viral Photo : আধুনিক শ্ৰৱণ কুমাৰৰ ৰূপত ৰহাৰ 5 বছৰীয়া ৰাহুল

চৰকাৰৰ উন্নয়নৰ বতাহে আজিও যেন স্পৰ্শ কৰিব পৰা নাই আইতাগৰাকীক । খাবলৈ এটুপি বিশুদ্ধ পানীও নাই আইতাৰ ঘৰত । কাঠিৰ কাষতে থকা এটা খালৰ পানীৰেই তেওঁ দূৰ কৰে তৃষ্ণা ৷ চৰকাৰী নামত এই আইতাগৰাকীয়ে লাভ কৰিছিল বিনামূলীয়া বিদ্যুৎ সেৱা (Free Power Service) ৷

সিমনালৈকে সকলো ঠিকেই আছিল ৷ কিন্তু মাহৰ মূৰত বিল আদায় দিব নোৱাৰাত সেয়াও কৰ্তন হ’ল । এটা পেটৰে খাবলৈকে নোজোৰে ৷ কেনেকৈ বা আইতাগৰাকীয়ে দিব বিল ! কোনোমতে ইঘৰ সিঘৰত মাগি খাই ফুৰে ৷ এনেদেৰেই জীৱনৰ বিলয়ি বেলাত আইতাই চলাই গৈছে জীৱন সংগ্ৰাম ৷ কোনো চৰকাৰী আঁচনিটো বাদেই, আইতাই আজিলৈকে পোৱা নাই বৃদ্ধ পেঞ্চনো ৷

এতিয়া প্ৰশ্ন হয়, চৰকাৰে পালন কৰি থকা স্বাধীনতাৰ অমৃত সোৱাদ প্ৰকৃতাৰ্থত লাভ কৰিছেনে প্ৰকৃত এইগৰাকী আইতাৰ দৰে বহু হিতাধিকাৰীয়ে ৷ আমাৰ এই বাতৰিৰ পাচত আইতাই লাভ কৰিবনে এটা চৰকাৰী আৱাসগৃহ ?

লগতে পঢ়ক : Cleanliness village of Assam : সুৰা নিষিদ্ধ জনজাতীয় গাঁও বাপুৰাম টকবিলৈ গৈছেনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.