ETV Bharat / state

নলবাৰীৰ মুকালমুৱাত চোৰাং টেংকাৰসহ দুজনক গ্ৰেপ্তাৰ

author img

By

Published : Oct 10, 2022, 7:50 PM IST

মুকালমুৱাত চোৰাং পেট্ৰ'ল-ডিজেলৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান (Smuggling Petrol seized at Mukalmuwa) ৷ অভিযানকালত নখুটি আৰক্ষীয়ে ২৬ টা পেট্ৰ'ল ভৰ্তি ড্ৰামৰ সৈতে এখন টেংকাৰ জব্দ কৰে কৰিবলৈ সক্ষম হয় ৷

Smuggling Petrol seized at Nalbari
নলবাৰীৰ মুকালমুৱাত চোৰাং টেংকাৰসহ দুজনক গ্ৰেপ্তাৰ

নলবাৰী, ১০ অক্টোবৰ: ৰাজ্যত অব্যাহত আছে পেট্ৰ'ল-ডিজেলৰ চোৰাং সৰবৰাহ (Petrol Diesel smuggling in Assam)। আৰক্ষীয়ে প্ৰায়ে অভিযান চলাই ৰাজ্যৰ ভিন্ন প্ৰান্তত চোৰাং পেট্ৰ'ল-ডিজেলসহ টেংকাৰ জব্দ কৰাৰ লগতে এই চক্ৰৰ লগত জড়িত লোকক গ্ৰেপ্তাৰ কৰি আহিছে । কিন্তু আৰক্ষীৰ এনেধৰণৰ কঠোৰ পদক্ষেপৰ পাছতো একাংশ দুষ্টচক্ৰই পেট্ৰ'ল-ডিজেলৰ সৰবৰাহৰ বাবে লৈছে বিকল্প উপায় ।

পেট্ৰ'ল-ডিজেলৰ মূল্য আকাশলঙ্ঘী হোৱাৰ সময়তে একাংশ অসাধু লোকে এতিয়া ইয়াৰ চোৰাং বেহাত নামিছে (Smuggling Petrol seized at Nalbari) । নলবাৰী জিলাৰ মুকালমুৱাৰ দমদমা পথাৰত মুকালমুৱা আৰক্ষী আৰু দৌলাশাল আৰক্ষীয়ে অভিযান চলাই ২৬ টা পেট্ৰ'ল (Smuggling Petrol seized in Mukalmuwa) ভৰ্তি ড্ৰামসহ এখন টেংকাৰ জব্দ কৰে ।

চোৰাং তেলখিনিৰ লগতে এই ব্যৱসায়ত জড়িত দুজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে (Two smuggler of petrol arrested at Mukalmuwa)। ধৃত লোক দুজন হৈছে আব্দুল কাদেৰ আৰু হাফিজুৰ ।

জানিব পৰা মতে, ধৃত আব্দুল কাদেৰৰ বাসগৃহত নিশা দৌলাশাল আৰক্ষীয়ে অভিযান চলাই চোৰাং পেট্ৰ'লসহ AS 07 A 4131 নম্বৰৰ টেংকাৰখন জব্দ (Petrol loaded tanker seized in Nalbari ) কৰে । উল্লেখ্য় যে, এই লোকদুজনে দীৰ্ঘদিন ধৰি কৌশলেৰে চোৰাং পেট্ৰ’লৰ ৰমৰমীয়া বেহা চলাই আহিছিল । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:কোকৰাঝাৰত দুষ্কৃতিকাৰীৰ আক্ৰমণত আহত এজন গৃহৰক্ষী জোৱান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.