নলবাৰী, 7 জুলাইঃ নলবাৰীৰ আল্লিয়াত যোৱানিশা সংঘটিত হয় এক শিহৰণকাৰী ঘটনা ৷ জামাল আলী নামৰ লোকজনৰ পৰিয়ালৰ ছজনকৈ সদস্যক আক্ৰমণ কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে কৰম আলী নামৰ লোকজনৰ পৰিয়ালে ৷
দুয়োটা পৰিয়ালৰ মাজত চলি থকা পৰিয়ালকেন্দ্ৰিক বিবাদৰ পৰিপ্ৰেক্ষিততে এই ঘটনা সংঘটিত হোৱাৰ আশংকা ব্যক্ত কৰে স্থানীয় ৰাইজে ৷ কমৰ আলীৰ পুত্ৰ চহিদুল ইছলামৰ সৈতে অবৈধ সম্পৰ্কৰ ফলতে জামাল আলীৰ কন্যাই জন্ম দিয়ে এটি সন্তান ৷ পৰৱৰ্তী সময়ত এই ঘটনাক অস্বীকাৰ কৰে কমৰ আলীৰ পুত্ৰই আৰু পিতৃত্বৰ চিনাকী দিবলৈ অমান্তি হয় ৷ তেনে অৱস্থাতে দুয়োটা পৰিয়ালে আশ্ৰয় লয় আদালতৰ ৷ আদালতত প্ৰায় চাৰিবছৰ ধৰি চলি থকা গোচৰৰ অন্তিম শুনানিৰ সময়তে এইদৰে পৰিয়ালকেন্দ্ৰিক আক্ৰমণৰ বলি হয় জামাল আলীৰ পৰিয়াল ৷ বৰ্তমানে জামাল আলীকে ধৰি তেওঁৰ পৰিয়ালৰ চাইফ আলী, জয়নাল আলী, চাদ্দাম আলী, চালম আলী আৰু চাজদা খাতুন ৷
আহত আটাইকেইগৰাকী লোকক প্ৰথমে শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসায়ত ভৰ্তি কৰোৱা হয় যদিও স্বাস্থ্যৰ অৱনতি ঘটাত আহত দুগৰাকী লোকক গুৱাহাটীৰ জিএমচিএইচলৈ প্ৰেৰণ কৰা হয় ৷ আনহাতে ঘটনা সংঘটিত কৰিয়ে বৰ্তমানো পলাতক হৈ আছে আক্ৰমণকাৰী ৷