ETV Bharat / state

প্ৰেমত বাধা দিয়াৰ বাবেই বায়েকে হত্যা কৰিলে ভায়েকক !

author img

By

Published : Aug 15, 2021, 6:19 PM IST

আৰু কিমান স্খলন হ’ব মানৱীয়তাৰ ৷ প্ৰেমত বাধা দিয়াৰ বাবেই মৃত্যুদণ্ড দিলে বায়েকে ভায়েকক ৷ নলবাৰীত সংঘটিত হৈছে এই জঘন্য ঘটনা ৷ প্ৰেমিকৰ সৈতে মিলি মৰিয়াই মৰিয়াই হত্যা কৰিলে ভায়েকক ৷

Deadbody Recover
প্ৰেমত বাধা দিয়াৰ বাবেই বায়েকে হত্যা কৰিলে ভায়েকক

নলবাৰী,15 আগষ্ট : কেইদিনমান পূৰ্ৱে নলবাৰীৰ ভয়ৰাত এটি অচিনাক্ত মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে জিলাখনৰে বালিকৰিয়াৰ সন্ধেলিত উদ্ধাৰ হৈছিল খেতিপথাৰত ৰহস্যজনকভাৱে পৰি থকা অৱস্থাত আন এটা মৃতদেহ ৷ এই মৃতদেহ কেইটা উদ্ধাৰ হোৱা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই দেওবাৰে নলবাৰীৰ ঢেকীয়াবাৰী ভকতপাৰাত আকৌ এটা যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছে ৷

উদ্ধাৰ হোৱা মৃতদেহটো ৰুবুল ওৰফে ৰুহুল আলী বুলি জানিব পৰা গৈছে ৷ সম্প্ৰতি যুৱকজনৰ মৃতদেহ উদ্ধাৰ হোৱা কাণ্ডই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ইপিনে যুৱকজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে ঘটনাই লৈছে নতুন মোৰ ৷ নিজ বায়েকে ৰুবুল ওৰফে ৰুহুল আলীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ এই বিস্ফোৰক অভিযোগো আকৌ উত্থাপন কৰিছে ৰুবুলৰ পিতৃ-মাতৃয়ে ৷ প্ৰেমিকৰে লগ লাগি নিজ বায়েকে ৰুবুলক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

লগতে পঢ়কঃ কৰ্তব্যৰত অৱস্থাতে আত্মঘাতী হ’ল বি এছ এফ জোৱান

মৃত ৰুবুলৰ পিতৃ-মাতৃৰ অভিযোগ মতে, পূৰ্বতে তেওঁলোকৰ জীয়ৰী অৰ্থাৎ ৰুবুলৰ বায়েকে আন এটা সম্প্ৰদায়ৰ এজন ল’ৰাৰ লগত বিবাহ পাশত আৱদ্ধ হৈছিল ৷ কিবা কাৰণত বিবাহ বিচ্ছেদ হোৱাত এটি সন্তানৰ সৈতে ঘৰলৈ গুচি আহিছিল ৰুবুলৰ বায়েক ৷ তাৰপাছতে নিজৰ ভায়েক অৰ্থাৎ ৰুবুলৰ বন্ধু নাৰায়ণ বৰ্মনৰ প্ৰেমত পৰে বায়েক ৷ ইপিনে বন্ধু আৰু বায়েকৰ সৰ্ম্পকৰ কথা জানিব পাৰি দুয়োকে বাধা প্ৰদান কৰিছিল ৰুবুলে ৷

সেই বাধা দিয়াই কাল হ’ল ৰুবুলৰ ৷ ৰুবুলৰ বায়েকৰ সহিতে প্ৰেমিক নাৰায়ণ বৰ্মন ওৰফে নাৰদ আৰু উত্তম ৰাজবংশী লগ হৈ ৰুবুলক হত্যা কৰাৰ বিস্ফোৰক অভিযোগ উত্থাপন হৈছে ৷ উল্লেখযোগ্য যে, দেওবাৰে পুৱা স্থানীয় লোকে এখন দলংৰ তলত পৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰিছিল ৰুহুলৰ মৃতদেহটো ৷ সম্প্ৰতি ৰুবুলৰ পিতৃ-মাতৃৰ অভিযোগৰ ভিত্তিত হত্যাকাণ্ডৰ অভিযোগত উত্তম ৰাজবংশী, নাৰায়ণ বৰ্মন ৰুবুলৰ বায়েকক আৰক্ষীয়ে আটক কৰিছে ৷

ইপিনে আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ সৰ্ন্দভত তদন্তৰ লগতে হত্যাকণ্ডৰ লগত জড়িত তিনিওটাকে জেৰা অব্যাহত ৰাখিছে ৷ পৰৱৰ্তী সময়তে ঘটনাৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিব দৰাচলতে ৰুবুলক কিয় হত্যা কৰিলে নিজ বায়েকে ৷

হত্যা-মৃত্যুৰ ঘটনাই সম্প্ৰতি চৰ্চিত কৰি তুলিছে নলবাৰী জিলাক ৷ বিগত কেইমাহ মানত সঘনে উদ্ধাৰ হ’বলৈ ধৰিছে অচিনাক্ত মৃতদেহ ৷ যাক লৈ চিন্তিত হৈ পৰিছে নলবাৰীৰ সচেতন ৰাইজ ৷

লগতে পঢ়কঃ প্ৰবল বৰষুণৰ মাজতে নগাঁৱত উদযাপন স্বাধীনতা দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.