ETV Bharat / state

মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত ৰাইজৰ দলৰ গণ স্বাক্ষৰ অভিযান - ৰাইজৰ দলে বিভিন্ন স্থানত প্ৰতিবাদ সাব্যস্ত কৰিছে

শেহতীয়াকৈ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাইজৰ দলে বিভিন্ন স্থানত প্ৰতিবাদ সাব্যস্ত কৰিছে (Raijor Dal protests against price hike)। এইবাৰ নলবাৰী চহৰত দলটোৱে আৰম্ভ কৰিছে গণ স্বাক্ষৰ অভিযান । বৃহস্পতিবাৰে এই অভিযান আৰম্ভ কৰি দলটোৱে চৰকাৰক অতি শীঘ্ৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ দাবী জনায় ।

Protest
মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত ৰাইজৰ দলৰ গণ স্বাক্ষৰ অভিযান
author img

By

Published : May 11, 2022, 6:02 PM IST

নলবাৰী,১১ মে' : দেশৰ বজাৰ এতিয়া মূল্যবৃদ্ধিৰ জুই (Price hike in India)। পেট্ৰ'ল-ডিজেলকে ধৰি প্ৰতিবিধ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হোৱা দেখা গৈছে । বজাৰৰ প্ৰতিবিধ খাদ্য সামগ্ৰীৰ মূল্য যি হাৰত বৃদ্ধি হৈছে হতাশাত সৰ্বসাধাৰণ ৰাইজ ।

যাৰ বাবে দেশজুৰি মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ হোৱা দেখা গৈছে (Protest against price hike)। এইখন চৰকাৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণত সম্পূৰ্ণ ব্যৰ্থ হোৱা বুলিও অভিযোগ উঠিছে । দেশৰ আন আন প্ৰান্তৰ লগতে অসমৰো প্ৰায় প্ৰতিখন জিলাতে বিভিন্ন দল-সংগঠনে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে ।

মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত ৰাইজৰ দলৰ গণ স্বাক্ষৰ অভিযান

এইবাৰ 'ৰাইজৰ দলে'ও মূল্যবৃদ্ধিৰ বিৰুদ্ধে নলবাৰীত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (Raijor Dal protest at Nalbari)। দলটোৱে জিলাখনত গণ স্বাক্ষৰ কাৰ্যসূচী আৰম্ভ কৰে । দলটোৰ জিলা সমিতিয়ে নলবাৰী চহৰৰ সুধাকণ্ঠ ড° ভূপেন হাজৰিকা উদ্যানৰ সন্মুখত এই কাৰ্যসূচী ৰূপায়ণ কৰে । 'বিজেপি চৰকাৰ হায় হায়','মূল্যবৃদ্ধি ৰোধ কৰক', 'যোগান বিভাগৰ কাম নাই' আদি বিভিন্ন ধৰণৰ প্ৰতিবাদী শ্ল'গানেৰে দলটোৱে নলবাৰী চহৰ উত্তাল কৰি তোলে ।

এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰাইজৰ দলৰ কেন্দ্ৰীয় নেতা সোনেশ্বৰ পাটোৱাৰীয়ে । নেতাগৰাকীয়ে কাৰ্যসূচীত ভাগ লৈ বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে । মূল্যবৃদ্ধি ৰোধ কৰিব নোৱৰা এই খন চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ বুলিও নেতাগৰাকীয়ে অভিযোগ কৰে ।

ইফালে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য অতি শীঘ্ৰে হ্ৰাস কৰাৰ দাবী জনায় নেতাগৰাকীয়ে । অন্যথা ৰাজ্যজুৰি ভয়াৱহ আন্দোলন কৰাৰো হুংকাৰ দিয়ে ৰাইজৰ দলৰ কেন্দ্ৰীয় নেতাগৰাকীয়ে ।

লগতে পঢ়ক :ন্যায্য প্ৰাপ্তিৰ দাবীত ৰঙাপৰাত অসম চাহ কৰ্মচাৰী সংঘৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.