নলবাৰী, 1 অক্টোবৰ : নলবাৰীত উপস্থিত হৈ আৰক্ষী উপ-পৰিদৰ্শকৰ (SI) কেলেংকাৰী সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ জয়ন্ত মল্ল বৰুৱাই ৷ বৰুৱাই কয় যে, SI কাণ্ডৰ দালাল কুমুদ গোস্বামীয়ে বহু বছৰ ধৰি দালালিৰ কাম কৰি আছে । নলবাৰীৰ দৰে বৌদ্ধিক অঞ্চলক এনে কথাই লজ্জানত কৰিছে । কিন্তু চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে আৰু দোষী কাঠগড়াত থিয় হোৱাৰ লগতে এনে দুৰ্নীতিপৰায়ণ লোক নোহোৱা হ'ব বুলি জয়ন্ত মল্ল বৰুৱাই মন্তব্য কৰে ৷
লগতে তেওঁ কয় যে, যিসকল মানুহে বিজেপি দলক দোষাৰোপ কৰিব বিচাৰিছে সেইসকলে দুদিনমান পিছত এই কাণ্ডৰ সৈতে বৰপেটা জিলাৰ সাধাৰণ সম্পাদক জনো জড়িত হৈ থাকিব ৷ লগতে কয় যে, দিবন ডেকাই এটা সময়ত নিৰ্বাচন খেলিছিল আনহাতে ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহ হিচাপে আছিল যদিও বৰ্তমান সেয়া গুৰুত্বপূৰ্ণ বিষয় নহয় ।
জয়ন্ত মল্ল বৰুৱাই কয় যে, এআইইউডিএফত চোৰ-ডকাইত বহুত আছে । দুৰ্নীতি কৰা মানুহ বিজেপি দলত থাকিব নোৱাৰে । যেতিয়াই ধৰা পৰিব তেওঁক দলৰ পৰা উলিয়াই দিয়া হব । দলে বেয়া কাম কৰা মানুহক আপোচ নকৰে বুলি মন্তব্য কৰে বৰুৱাই ৷
লগতে পঢ়ক : পত্নীক চোকা অস্ত্ৰৰে ডিঙি ৰেপি হত্যা কৰিলে স্বামীয়ে