নলবাৰী, ১৩ ফেব্ৰুৱাৰী : প্ৰতিবাদত কঁপি উঠিল প্ৰশাসন যন্ত্ৰ ৷ বিগত দুটা দিন ধৰি প্ৰতিবাদত উত্তাল হৈ আছে নলবাৰী ৷ পৰিপ্ৰক্ষিতত নলবাৰীত জিলা প্ৰশাসনে পত্ৰযোগে জাৰি কৰিলে ১৪৪ ধাৰা (Section 144 imposed in Nalbari)৷ প্ৰতিবাদক মষিমূৰ কৰিবৰ বাবে জিলা প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰিলে ।
সোমবাৰেও স্বতঃস্ফূৰ্তভাৱে বন্ধ হৈ পৰিল নলবাৰী ৷ বন্ধ হৈ পৰিল জনজীৱন ৷ ক্ষোভিত মহিলাৰ প্ৰতিবাদী সমদলে উত্তাল কৰি তুলিলে নলবাৰী চহৰ (Protest in Nalbari)৷ উল্লেখযোগ্য যে জিলাখনৰ হৃৎপিণ্ডস্বৰূপ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খন (Swahid Mukunda Kakati Civil Hospital) নলবাৰী চহৰৰ পৰা ১৪ কি:মি: নিলগৰ ঘগ্ৰাপাৰৰ ওচৰৰ দক্ষিণ গাঁৱলৈ স্থানান্তৰ কৰাক লৈ ক্ষোভিত হৈ পৰিছে নলবাৰীবাসী ৷ ইয়াকে লৈ বিগত চাৰিদিন ধৰি উত্তপ্ত হৈ আছে জিলাখন ৷
নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খন নৱনিৰ্মীত মেডিকেল কলেজৰে সংলগ্ন কৰি অসামৰিক চিকিৎসালয়খনৰ বহিঃবিভাগৰ সকলো যাৱতীয় সামগ্ৰী, চিকিৎসক-কৰ্মচাৰীক স্থানান্তৰ কৰিছে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে ৷ চহৰখনৰ মাজমজিয়াৰ পৰা চিকিৎসাসেৱা ১৪ কিঃমিঃ ভিতৰৰ গাঁৱৰ মাজলৈ নিয়াত ক্ষোভিত হৈ পৰিছে নলবাৰীৰ জনতা ৷
যাৰ পৰিপ্ৰেক্ষিতত নিতৌ নলবাৰীত ধৰ্ণা প্ৰতিবাদেৰে ক্ষোভৰ উদগীৰণ হৈ আছে ৷ ১১ ফেব্ৰুৱাৰীত কংগ্ৰেছ আৰু অসম জাতয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদৰ মাজতে কংগ্ৰেছে সোমবাৰে নলবাৰী বন্ধ ঘোষণা কৰিছিল । নলবাৰীবাসীয়ে স্বতঃস্ফূৰ্তভাৱে এই বন্ধক সমৰ্থন জনোৱা পৰিলক্ষিত হয় (Nalbari Bandh)। ইয়াৰ পিচতে দুপৰীয়াৰ ভাগত চহৰখনৰ ভিন্ন প্ৰান্তৰ পৰা শ শ মহিলা ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰি উত্তাল কৰি তোলে নলবাৰীৰ আকাশ-বতাহ ৷
প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত সংঘটিত হৈছিল হতাহতি ৷ ইয়াকে লৈ নলবাৰীত শান্তি-শৃংখলা বিঘ্নিত নহ’বলৈ অৱশেষত নলবাৰী জিলা প্ৰশাসনে জাৰি কৰিলে ১৪৪ ধাৰা ৷ জিলাখনত সোমবাৰৰ পৰা ৬০ দিনৰ বাবে বলবৎ হ’ব এই ধাৰা ৷ গণতান্ত্ৰিক প্ৰতিবাদ মষিমূৰ কৰিবলৈ প্ৰশাসনে এই সিদ্ধান্ত লোৱা বুলি ভিন্ন মহলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ জিলা প্ৰশাসনৰ এই সিদ্ধান্তত দূৰ্বলতা প্ৰকাশ পোৱা বুলি চৰ্চিত হৈছে ৷
উল্লেখ্য যে, 144 ধাৰা বলবৎ হৈ থকা সময়ত পাঁচ জনতকৈ অধিক লোক সমবেত হ’ব নোৱাৰিব ৷ কোনো লোকে লগত চোকা অস্ত্ৰ লৈও ঘূৰিব নোৱাৰিব । নোৱাৰিব কোনো ধৰ্ণা-প্ৰতিবাদ কৰিব ৷ বাইকত এজন লোকেহে যাত্ৰা কৰাৰ উপৰিও কোনো লোকে আইন অমান্য কৰিলে জৰিমনা-শাস্তি বিহা হ’ব বুলি জাননীযোগে ঘোষণা কৰে নলবাৰী জিলা প্ৰশাসনে ৷