ETV Bharat / state

School students hold protest: শিক্ষকৰ মুক্তিৰ দাবী ছাত্ৰ-ছাত্ৰীৰ, ছাত্ৰীয়ে মিছা অপবাদ দিয়াৰ অভিযোগ সহপাঠীৰ - আন্দোলনৰ কাৰ্যসূচী

ৰঙিয়াৰ সমীপৰ কাউৰবাহা আৰক্ষী নিৰীক্ষণ চকীত উত্তপ্ত পৰিস্থিতি ৷ শিক্ষকক মুক্তি দিয়াৰ দাবীত শিক্ষাৰ্থীয়ে কৰিলে আৰক্ষী চকী ঘেৰাও ৷

school students hold protest to release their teacher in rangia
শিক্ষকৰ মুক্তিৰ দাবী ছাত্ৰ-ছাত্ৰীৰ
author img

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 7:02 PM IST

শিক্ষকৰ মুক্তিৰ দাবী ছাত্ৰ-ছাত্ৰীৰ

ৰঙিয়া, 12 ছেপ্টেম্বৰ : শিক্ষকৰ মুক্তিৰ দাবীত ছাত্ৰ-ছাত্ৰীয়ে কৰিলে কাউৰবাহা আৰক্ষী নিৰীক্ষণ চকী ঘেৰাও । নিজ কাউৰবাহা নৱ মিলন হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে এজন শিক্ষকৰ মুক্তিৰ দাবীত বহিল ধৰ্ণাত । কেইবা ঘন্টা ধৰি ছাত্র-ছাত্ৰীসকলে আন্দোলনৰ কাৰ্যসূচী হাতত লোৱাত কাউৰবাহা আৰক্ষী নিৰীক্ষণ চকীত ব্যাপক হাৰত আৰক্ষী মোতায়ন কৰা হয় পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ।

ঘটনাৰ বিৱৰণী অনুসৰি নিজ কাউৰবাহা নৱ মিলন হাইস্কুলৰ শিক্ষক ফাইজুল হকৰ বিৰুদ্ধে সোমবাৰে বিদ্যালয়খনৰ পঞ্চম শ্ৰেণীৰ এগৰাকী ছাত্ৰীৰ অভিভাৱকে গোচৰ তৰিছিল কাউৰবাহা আৰক্ষী নিৰীক্ষণ চকীত । পঞ্চম শ্ৰেণীৰ ছাত্ৰীগৰাকীক ক্লাছৰ ভিতৰতে নিৰ্যাতন চলোৱাৰ অভিযোগত গোচৰ তৰাত আৰক্ষীয়ে POCSO act ৰ অধীনত সোমবাৰে নিশা গ্ৰেপ্তাৰ কৰে অভিযুক্ত শিক্ষকজনক । তাৰ পিচত জেৰাৰ বাবে তামুলপুৰ থানালৈ প্ৰেৰণ কৰে শিক্ষকজনক ।

এই খবৰ বিয়পি পৰাৰ পিচতে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে শিক্ষকগৰাকীৰ মুক্তিৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । আন্দোলনস্থলীত ছাত্ৰ-ছাত্ৰীসকলে দাবী কৰে যে যোৱা ১ ছেপ্টেম্বৰত শিক্ষক ফাইজুল হকে পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ পৰা নেওঁতা মুখস্থ বিচাৰিছিল । কিন্তু মুখস্থ দিব নোৱাৰা ছাত্র-ছাত্ৰীসকলক চেকণিৰে কোবাইছিল আৰু লগতে কাণত ধৰিবলৈ দিছিল । এজনী ছোৱালীয়ে নেওঁতা মুখস্থ দিব নোৱাৰাৰ ফলত চেকণিৰ কোব খাইছিল ৷ ছাত্ৰ-ছাত্ৰীসকলে কয় যে শ্ৰেণীকোঠাত সকলোৱে চেকণিৰ কোব খাইছিল ৷ কিন্তু সেই ছোৱালীজনীয়ে শিক্ষকজনক বেয়াকৈ ফচাম বুলি নিজ সহপাঠীৰ আগত কৈছিল বুলিও উল্লেখ কৰে তেওঁলোকে ৷

সমগ্ৰ ঘটনাটো ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ মতে ছাত্ৰীগৰাকীয়ে শিক্ষকজনৰ বিৰুদ্ধে মিছা অপবাদ দি গোচৰ তৰিছে । বহু চেষ্টাৰ অন্তত গোৰেশ্বৰ ৰাজহ চক্ৰ বিষয়া আৰু অতিৰিক্ত আৰক্ষী অধীক্ষকে ছাত্ৰ-ছাত্ৰীসকলক আশ্বাস দিয়ে ইয়াৰ ওপৰত সঠিক তদন্ত কৰা হ’ব । তাৰ পিচত পৰিস্থিতি শাম কাটে । ইফালে এই ঘটনা সন্দৰ্ভত কোন সঁচা কোন মিছা সেয়া জানিব পৰা হোৱা নাই বৰ্তমানলৈকে । হয়তো আৰক্ষীৰ সঠিক তদন্তত ওলাই পৰিব প্ৰকৃত ৰহস্য !

লগতে পঢ়ক : Students pose as traffic police: পিন্ধনত টুপী, হাতত হুইছেল লৈ ৰঙিয়াত যান-বাহন নিয়ন্ত্ৰণ কৰিছে একাংশ ছাত্ৰীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.