ETV Bharat / state

নলবাৰীত বজাৰ, আৰক্ষী চকী ছেনিটাইজ কৰিলে হিন্দু জাগৰণ মঞ্চৰ কৰ্মীয়ে

author img

By

Published : Jun 4, 2021, 10:58 AM IST

ক'ভিড-১৯ৰ ভয়াৱহ সংক্ৰমণ অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত কেতবোৰ কাৰ্যসূচী হাতত লৈছে হিন্দু জাগৰণ মঞ্চৰ নলবাৰী সমিতিয়ে । বৃহস্পতিবাৰে বজাৰ, আৰক্ষী চকী আদি ছেনিটাইজ কৰে হিন্দু জাগৰণ মঞ্চৰ কৰ্মীয়ে । লগতে বিনামূলীয়াকৈ মাস্কো বিতৰণ কৰে ।

Sanitization by Hindu jagaran mancha
নলবাৰীত বজাৰ, আৰক্ষী চকী ছেনিটাইজ কৰিলে হিন্দু জাগৰণ মঞ্চৰ কৰ্মীয়ে

নলবাৰী, ৪ জুন: ৰাজ্যত এতিয়াও অব্যাহত আছে ক'ভিড-১৯ৰ সংহাৰ । দৈনিক আক্ৰান্তৰ সংখ্যা হ্ৰাস হ'লেও বৰ্তমানেও সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণলৈ অহা নাই ক'ভিড পৰিস্থিতি । সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে সান্ধ্য আইনো জাৰি কৰিছে । এনে সময়তে প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে হিন্দু জাগৰণ মঞ্চৰ নলবাৰী সমিতিয়ে ।

বৃহস্পতিবাৰে নলবাৰী চহৰত থকা বেংক, মন্দিৰ, বজাৰ, আৰক্ষী চকী আদি ছেনিটাইজ কৰে হিন্দু জাগৰণ মঞ্চৰ কৰ্মীয়ে । তদুপৰি নলবাৰী চহৰৰ বিভিন্ন প্ৰান্তত বিনামূলীয়াকৈ মাস্ক বিতৰণ কৰে হিন্দু জাগৰণ মঞ্চৰ কৰ্মীসকলে । বৰ্তমান কৰ'ণা ৰোগীৰ চিকিৎসা অব্যাহত থকা মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ো ছেনিটাইজ কৰে কৰ্মকৰ্তাসকলে ।

উল্লেখ্য যে, গ্ৰাম্যাঞ্চলতো হিন্দু জাগৰণ মঞ্চৰ নলবাৰী সমিতিৰ উদ্যোগত ছেনিটাইজেচন কাৰ্যসূচী গ্ৰহণ কৰা হয় আৰু মাস্ক বিতৰণ কৰা হয় । ৰাইজক ক'ভিডৰ ভয়াৱহতা সন্দৰ্ভত সজাগ কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰে হিন্দু জাগৰণ মঞ্চই ।

লগতে পঢ়ক:ধেমাজিত গ্ৰেপ্তাৰ NLFB ৰ দূৰ্ধষ কেডাৰ হৃদয় বসুমতাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.