ETV Bharat / state

নলবাৰীৰ পৰা নিৰ্মূল হ’ব পথ দূৰ্ঘটনা: সীমান্ত বৰা - Road accidents will be eliminated from Nalbari

ৰাষ্ট্ৰীয় ঘাইপথ পৰিবহণ প্ৰাধিকৰণ বিভাগৰ কেন্দ্ৰীয় পৰ্যবেক্ষকৰ এটি দলে বৃহস্পতিবাৰে নলবাৰীত উপস্থিত হৈ জিলাখনৰ সাম্ভাব্য দুৰ্ঘটনাগ্ৰস্ত ঠাইসমূহ পৰিদৰ্শন কৰে ৷ উপযুক্ত নিয়ন্ত্ৰণ ব্যৱস্থা আৰু কিছুলোকৰ অ-সচেতনতাৰ ফলত জিলাখনত সঘনে হোৱা দুৰ্ঘটনা ৰোধৰ বাবে সংস্থাসমূহে কেনেদৰে পদক্ষেপ ল’ব পাৰে সেই সম্পৰ্কত আলোচনা কৰে ৷

নলবাৰীৰ পৰা নিৰ্মূল হ’ব পথ দূৰ্ঘটনা: সীমান্ত বৰা

author img

By

Published : Jun 24, 2021, 11:01 PM IST

নলবাৰী, 24 জুন : বৃহস্পতিবাৰে নলবাৰী জিলাত উপস্থিত হয় ৰাষ্ট্ৰীয় ঘাইপথ পৰিবহণ প্ৰাধিকৰণ বিভাগৰ কেন্দ্ৰীয় পৰ্যবেক্ষকৰ এটি দল ৷ এই দলটিয়ে নলবাৰী জিলাৰ পথ পৰিবহণ বিষয়া সীমান্ত বৰাৰ লগতে কৰ্মচাৰীবৃন্দ আৰু বিভাগীয় প্ৰশিক্ষকসকলৰ সৈতে জিলাখনৰ সাম্ভাব্য দুৰ্ঘটনাগ্ৰস্ত ঠাইসমূহ পৰিদৰ্শন কৰে ৷ কেনেদৰে এই পথ দুৰ্ঘটনাসমূহ ৰোধ কৰিব পাৰে, সেই সম্পৰ্কে এক আলোচনাত মিলিত হয় দলটো ৷

উল্লেখযোগ্য যে, কিছুমান লোকৰ অ-সচেতনতা আৰু উপযুক্ত নিয়ন্ত্ৰণ ব্যৱস্থা নথকাৰ হেতুকে জিলাখনত সঘনে পথ দুৰ্ঘটনা হৈ থাকে । সেয়ে দুৰ্ঘটনা ৰোধৰ বাবে সাম্ভাব্য পথ দুৰ্ঘটনা সংস্থাসমূহে দুৰ্ঘটনা কেনেদৰে নিৰ্মূল কৰিব পাৰে সেই সম্পৰ্কত আলোচনা কৰে ৷ আনকি পথ দুৰ্ঘটনা নিৰ্মূল কৰিবলৈ পথৰ ব্যৱস্থা বা পথৰ ডিজাইন সন্দৰ্ভতো আলোচনা কৰে এই দলটোৱে ৷

নলবাৰীৰ পৰা নিৰ্মূল হ’ব পথ দূৰ্ঘটনা: সীমান্ত বৰা

দুৰ্ঘটনা ৰোধৰ বাবে সাম্ভাব্য পথ দুৰ্ঘটনা সংস্থাসমূহে দুৰ্ঘটনা নোহোৱাকৈ কিদৰে প্ৰতিৰোধ কৰিব পাৰি, লগতে ক্ৰছিং আৰু কেঁকুৰীসমূহত কেনেদৰে দুৰ্ঘটনা নোহোৱাকৈ এই পথসমূহ নিয়ন্ত্ৰণ কৰিব পাৰি সেই বিষয়ে পৰিদৰ্শন কৰে ৷

নলবাৰী-সন্ধা সংযোগী 31 নং ৰাষ্ট্ৰীয় ঘাইপথত উপস্থিত হৈ জিলা পৰিবহণ বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে যে, কোনো মানুহে যাতে ভুল পথেৰে নাযায় তাৰ বাবে উপযুক্ত এটা পৰিকল্পনা যুগুত কৰিব ৷ লগতে সন্ধা-৩১নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথত ট্ৰেফিকৰ ব্যৱস্থা কৰিব । নলবাৰী জিলাৰ কেইবাটাও ঠাইত উপস্থিত হৈ জনসাধাৰণক সাৱধান হৈ সঠিক পথেৰে যাতায়াত কৰিবলৈ আহ্বান জনাই জিলা পৰিবহণ বিষয়া সীমান্ত বৰাই ।

লগতে পঢ়ক: কলগাছিয়াত ব্ৰাউন চুগাৰসহ এজনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.