ETV Bharat / state

Nalbari road accident: নলবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত 5 জন - 4 died in car accident

ৰাসৰ আনন্দ উল্লাহৰ মাজতে নলবাৰীতে দুটাকৈ ভয়ংকৰ দুৰ্ঘটনা (Road accident)। এটা দুৰ্ঘটনাত নিহত হৈছে 5 জনকৈ লোক আৰু আহত আন 6 জন ।

Nalbari
নলবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা
author img

By

Published : Nov 17, 2022, 10:08 AM IST

Updated : Nov 17, 2022, 10:49 AM IST

নলবাৰী, ১৭ নৱেম্বৰ : ৰাসৰ আনন্দত মতলীয়া ৰাজ্যবাসী (Raas festival in Assam)। ইফালে প্ৰতি বছৰৰ দৰে নলবাৰী জিলাতো ৰাসৰ ব্যাপক উছাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে । অৱশ্যে তাৰ মাজতে জিলাখনত শোকাৱহ ঘটনা ।

জিলাখনৰ দুটাকৈ স্থানত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা । য'ত 5 জনকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে । নলবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা সংঘটিত হৈছে এই পথ দুৰ্ঘটনা ।

নলবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ৪ জন

জানিব পৰা মতে নিশা হাউলীৰ পৰা ৰাস চাই উভতি অহাৰ পথতে সংঘটিত হয় এই দুৰ্ঘটনা (Tragic road accident)। প্ৰথমটো দুৰ্ঘটনা নলবাৰীৰ বানেকুছিত সংঘটিত হয় । এখন চাৰিচকীয়া বাহনে ৰাষ্ট্ৰীয় ঘাইপথৰ দলঙৰ ৰেলিঙত খুন্দা মৰাৰ ফলতে ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয় । দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নম্বৰ AS-01-BG-5995 ।

এই দুৰ্ঘটনাটোত 4 জন লোকৰ মৃত্যু হয় (4 died in car accident)। নিহত কেইজন ক্ৰমে জাহেদুল ৰহমান,অজিত চহৰীয়া, ৰাহুল আলী আৰু প্ৰণৱ হালৈ বুলি জানিব পৰা গৈছে । ইফালে দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হৈছে অভিজিত, সীমান্ত, শংকৰ আৰু জাহিদুৰ ৰহমান । ইফালে দুৰ্ঘটনাটো ইমানে ভয়াৱহ আছিল যে বহু সময় ধৰি আৰক্ষী আৰু স্থানীয় লোকে বাহনৰ ভিতৰত আৱদ্ধ লোকসকলক উদ্ধাৰ কৰিব পৰা নাছিল ।

অৱশেষত আৰক্ষীয়ে অগ্নিনিৰ্বাপক বাহিনীৰ লোকৰ সহযোগত আটাইকেইগৰাকী লোককে উদ্ধাৰ কৰিবলৈ সক্ষম হয় । বাহন খনত মুঠ ৮ গৰাকী লোক আছিল বুলি জানিব পৰা গৈছে ।

ইফালে পুৱতি নিশা নলবাৰীৰ ঘগ্ৰাপাৰতো আন এক দুৰ্ঘটনাত প্ৰাণ গ'ল এজনৰ । পুৱতি নিশা প্ৰায় ৩ বাজি ৪৫ মিনিটত ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত কাটুৰিয়াত সংঘটিত হয় দুৰ্ঘটনাটো । থিতাতে এজন লোক নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় দুজন । দুৰ্ঘটনাগ্ৰস্ত বাহন খনৰ নম্বৰ AS-04-R-4322 । আহত আটাইকেইগৰাকী লোককে উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :Road Accident in Dibrugarh: ডিব্ৰুগড়ত পথ দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী মহিলা

Last Updated : Nov 17, 2022, 10:49 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.