ETV Bharat / state

ইমানুৱেল-বিশ্বজিতেই নহয় আৰু বিপিএফ নেতা আহিব বিজেপিলৈ !

author img

By

Published : Nov 18, 2020, 7:44 PM IST

কেৱল ইমানুৱেল মুছাহাৰী, বিশ্বজিৎ দৈমাৰীয়ে নহয় বি পি এফৰ আৰু বহু বিধায়ক-নেতাই বিজেপিত যোগদানৰ বাবে যোগাযোগ কৰিছে ৷ প্ৰথমতে মিত্ৰতা ভংগ কৰিছে বি পি এফে । পঞ্চায়ত নিৰ্বাচনত আমাৰ লগত আলোচনা নকৰাকৈ অকলশৰীয়াকৈ অৱৰ্তীণ হৈছিল নিৰ্বাচনত । নলবাৰীত এই মন্তব্য আগবঢ়ালে বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাসে ৷

bjp meeting news
bjp meeting news

নলবাৰী, 18 নবেম্বৰ : নলবাৰীত বিজেপিৰ সাংগঠনিক সভা ৷ সভাত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ দাস ৷ সম্প্ৰতি ৰাজ্যৰ ৰাজনীতিত খলকনি সৃষ্টি কৰি আছে বিজেপি-বিপিএফৰ মাজত চলি থকা তিক্ততা পূৰ্ণ সম্পৰ্কই ৷ ইতিমধ্যে বিপিএফ এৰি বিজেপিলৈ অহাৰ পথ প্ৰশস্ত হৈছে সাংসদ বিশ্বজিৎ দৈমাৰী আৰু বিধায়ক ইমানুৱেল মুছাহাৰীৰ ৷

এই সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত সভাপতি ৰণজিৎ দাসে কয় যে, কেৱল ইমানুৱেল মুছাহাৰী, বিশ্বজিৎ দৈমাৰীয়ে নহয় বিপিএফৰ আৰু বহু বিধায়ক-নেতাই বিজেপিত যোগদানৰ বাবে যোগাযোগ কৰিছে ৷ ইফালে বিপিএফৰে মিত্ৰতা সন্দৰ্ভত সভাপতি গৰাকীয়ে মত প্ৰকাশ কৰে যে, প্ৰথমতে মিত্ৰতা ভংগ কৰিছে বিপিএফে । পঞ্চায়ত নিৰ্বাচনত আমাৰ লগত আলোচনা নকৰাকৈ অকলশৰীয়াকৈ অৱৰ্তীণ হৈছিল নিৰ্বাচনত ।

ইমানুৱেল-বিশ্বজিতেই নহয় আৰু বিপিএফ নেতা আহিব বিজেপিলৈ

নলবাৰী নাট্য মন্দিৰত অনুষ্ঠিত নলবাৰী জিলা বিজেপিৰ সাংগঠনিক সভাত ভাগ লৈ দলটোৰ ৰাজ্যিক সভাপতি গৰাকীয়ে লগতে কয় যে, নলবাৰী জিলাৰ অন্তৰ্গত নলবাৰী, ধৰ্মপুৰ আৰু বৰক্ষেত্ৰী বিধান সভা সমষ্টিয়ে বিজেপিৰ জয়ৰ ইংগিত বহন কৰিছে ৷ এই আটাইকেইটা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী জয়ী হোৱা মানে ৰাজ্যত বিজেপিয়ে চৰকাৰ গঠন কৰাটো নিশ্চিত বুলি দৃঢ়তা প্ৰকাশ কৰে ৰণজিৎ দাসে ৷

লগতে পঢ়ক : পদ প্ৰাদেশিকীকৰণৰ দাবীৰে ভুক্তভোগী শিক্ষকৰ সংবাদমেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.