ETV Bharat / state

নৰেন্দ্ৰ মোদীয়ে 24 ঘণ্টাই মিছা কয়: ৰাহুল গান্ধী

বুধবাৰে নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ লোহাৰকাঠাত নিৰ্বাচনী প্ৰচাৰ চলায় কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৷ কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী দিগন্ত বৰ্মনৰ হৈ প্ৰচাৰ চলায় কংগ্ৰেছ নেতা গৰাকীয়ে ৷

author img

By

Published : Mar 31, 2021, 9:40 PM IST

rahul-gandhi-election-campaign
ৰাহুল গান্ধীৰ নিৰ্বাচনী প্ৰচাৰ

নলবাৰী, 31 মাৰ্চ : তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ বিধানসভা নিৰ্বাচনৰ বাবে বুধবাৰে লোহাৰকাঠাত উপস্থিত হয় কংগ্ৰেছ নেতা ৰাহুল গান্ধী । কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী দিগন্ত বৰ্মনৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৰাহুল গান্ধীয়ে ৷

নিৰ্বাচনী সভাত ‘কা’ সন্দৰ্ভত তেওঁ কয় যে, ‘‘আমি অসমত ‘কা’ নিবিচাৰো । ‘কা’-ই অসমত আক্ৰমণ কৰিছে । আমি নিৰ্বাচনী ইস্তাহাৰত ‘কা’ নিবিচাৰো বুলি উল্লেখ কৰিছো’’ ৷

ৰাহুল গান্ধীৰ নিৰ্বাচনী প্ৰচাৰ

লগতে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি চৰকাৰক সমালোচনা কৰি কয় যে, ‘‘সমগ্ৰ ভাৰতৰ ভিতৰত সকলোতকৈ বেছি নিবনুৱা অসমতেই আছে । অসমৰ যুৱকে চাকৰি বিচাৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নোটবন্দী কৰি জনতাক মাধমাৰ দিছে । সকলোতে কৰ লগাইছে । আমি 5 লাখ অসমীয়া যুৱকক চাকৰি দিম । মোদীয়ে 24 ঘণ্টাই মিছা কয় । আমি প্ৰতিমাহে গৃহিনীক 2000 টকাকৈ দিম ৷ লগতে প্ৰতিঘৰত 200 ইউনিট বিদ্যুৎ বিনামূলীয়াকৈ যোগান ধৰিম । নিৰ্বাচনৰ পাচত আমি 5 গেৰাণ্টি কাৰ্যকৰী কৰি দেখুৱাম’’ ।

উক্ত নিৰ্বাচনী সভাত ৰাহুল গান্ধীক সহযোগ কৰে বিৰোধী দলপতি দেবব্ৰত শইকীয়া, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, কেন্দ্ৰীয় নেতা জিতেন্দ্ৰ সিঙকে ধৰি কেইবাগৰাকীও নেতাই । ইফালে হাজাৰ হাজাৰ সমৰ্থনৰ মাজৰে নিৰ্বাচনী ৰণডংকা বজায় ৰাহুল গান্ধীয়ে ৷

লগতে পঢ়ক : মৰিগাঁৱত চকীৰ বিলৈ...!

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.