নলবাৰী,17 ডিচেম্বৰঃ সৰ্বত্ৰে সংশোধিত নাগৰিকত্ব আইনৰ বিৰোধিতাৰে প্ৰতিবাদ অব্যাহত থকাৰ সময়তে মঙলবাৰে নলবাৰীতো অগপই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে । 4 ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে ৷ উল্লেখ্য যে কেন্দ্ৰীয় নেতৃত্বই সংশোধিত নাগৰিকত্ব আইনৰ সমৰ্থন কৰাৰ পিচত এইদৰে নলবাৰীত তৃণমূল কৰ্মীসকলে নলবাৰী অগপৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।
একেদৰে আমছুয়েও সংশোধিত নাগৰিকত্ব আইনৰ বিৰোধিতাৰে নলবাৰীত অনশন কাৰ্যসূচী ৰূপায়ণ কৰে। জিলাখনৰ ভূপেন হাজৰিকা পাৰ্কৰ সন্মুখত 4 ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে। এই অনশনত কাৰ্যসূচীত অংশ লৈ সকলোৱে চৰকাৰ বিৰোধী শ্লোগানৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।
লগতে পঢ়ক - শীঘ্ৰে 55,000 খালী পদ পূৰ্ণ কৰিব অসম চৰকাৰে