ETV Bharat / state

কলিতা জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত তামুলপুৰত প্ৰতিবাদ

author img

By

Published : Nov 9, 2020, 8:19 PM IST

কলিতা জনগোষ্ঠী যৌথ সংগ্ৰাম সমিতিয়ে অসমৰ বৃহত্তম জনগোষ্ঠী কলিতাসকলক জনজাতিকৰণ কৰি ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবীত কেইবালানি আন্দোলন কৰাৰ পিছতো চৰকাৰে বিষয়টোত গুৰুত্ব নিদিয়াত উপায়ন্তৰ হৈ আন্দোলনৰ পথ ল’বলৈ বাধ্য হয় সংগঠনকেইটাৰ নেতৃবৃন্দ ।

Protest at Tamulpur
কলিতা জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত তামুলপুৰত প্ৰতিবাদ

তামুলপুৰ, 9 নৱেম্বৰ : কলিতা জনগোষ্ঠীক জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্তি কৰাৰ দাবীত আজি তামুলপুৰত কলিতা জনগোষ্ঠী যৌথ সংগ্ৰাম সমিতি অসমৰ উদ্যোগত সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা, কলিতা জনগোষ্ঠী সন্মিলন, বিটিএডি সমন্বয়ৰক্ষী সমিতিয়ে সংগঠনটোৰ তামুলপুৰস্থিত মুখ্য কাৰ্যালয়ৰ সন্মুখত সোমবাৰে পুৱা দহ বজাৰ পৰা বাৰ বজালৈ দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । যৌথ সংগ্ৰাম সমিতিৰ আহ্বানত জনগোষ্ঠীটোৰ কেইবাজনো জ্যেষ্ঠ নাগৰিককে ধৰি শতাধিক পুৰুষ মহিলাই এই ধৰ্মঘটত অংশগ্ৰহণ কৰে ।

উল্লেখযোগ্য যে, ব্ৰহ্মপুত্ৰ উপত্যকাত বসবাস কৰা অসমৰ প্ৰাচীনতম আৰু খিলঞ্জীয়া জনগোষ্ঠীটোক জনজাতিকৰণ কৰাৰ লগতে ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ বাবে কলিতা জনগোষ্ঠী সন্মিলনৰ লগতে সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সংগঠন আৰু ইয়াৰ ভাতৃ সংগঠনবোৰে বিগত কেইবাবছৰ ধৰি দাবী জনাই আহিছিল ৷ কিন্তু বিগত দিনত আটাইকেইখন চৰকাৰে জনগোষ্ঠীটোৰ ন্যাৰ্য দাবীৰ প্ৰতি আওকণীয়া মনোভাৱ পোষণ কৰা পৰিলক্ষিত হৈছিল । ইতিমধ্যে কলিতা জনগোষ্ঠী যৌথ সংগ্ৰাম সমিতিয়ে অসমৰ বৃহত্তম জনগোষ্ঠী কলিতাসকলক জনজাতিকৰণ কৰি ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবীত কেইবালানি আন্দোলন কৰাৰ পিছতো চৰকাৰে বিষয়টোত গুৰুত্ব নিদিয়াত উপায়ন্তৰ হৈ আন্দোলনৰ পথ ল’বলৈ বাধ্য হয় সংগঠনকেইটাৰ নেতৃবৃন্দ ।

প্ৰতিবাদকাৰীসকলে হাতে হাতে বিভিন্ন দাবী সম্বলিত প্লে’কাৰ্ড লৈ কলিতা জনগোষ্ঠী যৌথ সংগ্ৰাম সমিতি জিন্দাবাদ, আমাক জনজাতিকৰণ কৰক, আমাক এছ টি, এছ টি, লাগিবই, ন এছ টি, ন ৰেষ্ট আদি বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদস্থলীৰ পৰিবেশ উত্তাল কৰি তোলে ৷ যৌথ সংগ্ৰাম সমিতিয়ে অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক শীঘ্ৰে ৭৫ লাখ কলিতা জনগোষ্ঠীৰ জনজাতিকৰণ আৰু ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্তিকৰণ দাবী পূৰণ নকৰিলে আগন্তুক দিনত অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰাৰ হুংকাৰ দিয়ে ।

লগতে পঢ়ক : আলু পিয়াঁজৰ ব্যৱসায়ীক Z+ সুৰক্ষা প্ৰদানৰ দাবী !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.