ETV Bharat / state

বিধ্বস্ত পথঃ ভূই ৰুই প্ৰতিবাদ গাঁওবাসীৰ - জয়ন্ত মল্ল মুৰ্দাবাদ ধ্বনি

প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা আৰু বৰ্তমানৰ বিধায়ক অশোক শৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদ নলবাৰীৰ চান্দকুছিত ৷

protest-aginest-nalbari-jayanta-mallah-boruah-and-ashok-sharma
নলবাৰীত ভূই ৰুই প্ৰতিবাদ সাব্যস্ত
author img

By

Published : Jul 15, 2020, 12:48 PM IST

নলবাৰী,15জুলাইঃ ভাৰত তথা অসম চৰকাৰে গ্ৰাম্য উন্নয়নৰ জৰিয়তেই অৰ্থনীতি সবল কৰিব বিচৰা গাঁৱত প্ৰকৃততে বিপৰীত ছবি এখন হে দেখাপোৱা যায় ৷ নলবাৰীৰ এটা গ্ৰাম্য পথৰ দৃশ্য দেখিলে সহজে অনুমান কৰিব পাৰি যে দৰাচলতে চৰকাৰৰ কথা আৰু কামৰ মাজত কিমান পাথক্য আছে ৷ নলবাৰীৰ চান্দকুছিৰ এটা গুৰুত্বপূৰ্ণ পথৰ দুৰাৱস্থাই জলাকলা খোৱাইছে স্থানীয় ৰাইজক ৷ নলবাৰীৰ পলিটেকনিকৰ সন্মুখৰে যোৱা পথছোৱাৰ আজিকোপতি নিৰ্মাণ নকৰিলে চৰকাৰে যাৰ ফলত আজিও বোকাময় হৈ থাকিল পথছোৱা।

নলবাৰীত ভূই ৰুই প্ৰতিবাদ সাব্যস্ত

উল্লেখ্যযোগ্য যে, নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ অসম পৰ্যটনৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাৰ গৃহ গাওঁৰ জেংপাৰা চুবুৰীতে যদি এই অৱস্থা ৰাজ্যৰ অন্য প্ৰান্তৰ পথৰ অৱস্থা কি হ‘ৱ সেইয়া সহজে অনুমেয়। পথছোৱাৰ উন্নয়ন নোহোৱাত বুধবাৰে প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে। পথৰ মাজত ভূই ৰুই জয়ন্ত মল্ল মুৰ্দাবাদ ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰে লগতে ২০২১ৰ বিধান সভাৰ নিৰ্বাচনত ভোট বৰ্জন কৰাৰ হুংকাৰ প্ৰদান কৰে গাঁওবাসীয়ে।ইপিনে নলবাৰী সমষ্টিৰ বৰ্তমানৰ বিধায়ক অশোক শৰ্মাই পথছোৱা নিৰ্মাণৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ সেয়েহে অশোক শৰ্মা আৰু জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰিল গাঁওবাসী ৷ ইফালে নিৰ্বাচনৰ সময় অহাৰ লগে লগে প্ৰতিশ্ৰুতিৰ বন্যা লৈ আহে জনপ্ৰতিনিধি সকল।কিন্তু নিৰ্বাচন যোৱাৰ পিছতে সকলো বগা হাটীত পৰিণত হয় অভিযোগ কৰে স্থানীয় ৰাইজে ৷

লগতে পঢ়কঃ বানপানীত যোগীঘোপা অঞ্চলৰ বিস্তৰ ক্ষতি, বানত আৱদ্ধ আৰক্ষী চকী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.