ETV Bharat / state

প্ৰধান শিক্ষকৰ কৌশলগত নিযুক্তি প্ৰক্ৰিয়াৰ বিৰুদ্ধে প্ৰতিবাদ

author img

By

Published : Feb 5, 2021, 6:20 PM IST

Updated : Feb 5, 2021, 7:48 PM IST

শুকুৰবাৰে নলবাৰীৰ অমায়াপুৰ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ত উত্তাল প্ৰতিবাদ ৷ বিদ্যালয়ৰ প্ৰধান শিক্ষক জিতেন্দ্ৰ নাথ শৰ্মাই কৌশলেৰে নিযুক্তি প্ৰক্ৰিয়াত নাম সোমোৱাৰ অভিযোগ উত্থাপন স্থানীয় ৰাইজৰ ৷

nalbari protest
নলবাৰীত প্ৰতিবাদ

নলবাৰী,5 ফেব্ৰুৱাৰী : অসম চৰকাৰৰ শিক্ষা বিভাগত বৃহৎ নিযুক্তিকৰণ চলি থকাৰ মাজতে শুকুৰবাৰে নলবাৰীৰ অমায়াপুৰ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ত সাব্যস্ত কৰা হয় উত্তাল প্ৰতিবাদ ৷ দহ বছৰে বিনা বেতনে কৰ্মৰত শিক্ষক-শিক্ষয়িত্ৰীসকলে এতিয়াও নাপালে চৰকাৰী নিযুক্তি ৷ ইফালে স্কুল দেখি নোপোৱা প্ৰধান শিক্ষকৰ পত্নীয়ে লাভ কৰিলে নিযুক্তি পত্ৰ ৷

নলবাৰীত প্ৰতিবাদ

অময়াপুৰ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জিতেন্দ্ৰ নাথ শৰ্মাই কৌশলেৰে নিযুক্তি প্ৰক্ৰিয়াত নাম সোমোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ ইয়াৰ বিৰুদ্ধে স্থানীয় ৰাইজ আৰু বহু দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি উচিত তদন্তৰে নিকা নিযুক্তি দিয়াৰ বাবে চৰকাৰক দাবী জনায় ৷

প্ৰতিবাদযোগে স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে প্ৰধান শিক্ষক মুৰ্দাবাদ আদি শ্ল’গানেৰে বিদ্যালয়ৰ পৰিৱেশ উত্তাল কৰি তোলে ।

লগতে পঢ়ক : নলবাৰীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

Last Updated : Feb 5, 2021, 7:48 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.