নলবাৰী, ২ নৱেম্বৰ : নলবাৰী হৰিমন্দিৰত অসম প্ৰকাশন পৰিষদৰ (Assam Publication Board) সংবাদমেল । ঐতিহ্যমণ্ডিত নলবাৰী হৰিমন্দিৰৰ (Nalbari Hari Mandir) ৰাস মহোৎসৱত গ্ৰন্থৰ সুবাস বিলাবলৈ সাজু হৈছে অসম প্ৰকাশন পৰিষদ । অসমৰ ভিন্ন প্ৰান্তত গ্ৰন্থৰ চিৰন্তন আবেদন বিস্তাৰিত কৰাৰ লক্ষ্যৰে প্ৰতিষ্ঠানটোৱে যৌথভাৱে নলবাৰীৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী ৰাস মহোৎসৱত (Nalbari Ras Mahotsav) 'অসম গ্ৰন্থমেলা, নলবাৰী' ২০২২ অনুষ্ঠিত কৰাৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰি তুলিছে ।
নলবাৰী ৰাস মহোৎসৱ উপলক্ষে ১২ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে আয়োজন কৰা অসম গ্ৰন্থমেলা (Assam Book Fair at Nalbari), নলবাৰীৰ মণ্ডপ নিৰ্মাণ, বিপণী আবণ্টন প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ উঠা বুলি সংবাদমেলত বিবৃতিযোগে সদৰী কৰে । নলবাৰী ৰাস মহোৎসৱত অনুষ্ঠিত হ'বলগা গ্ৰন্থমেলাত অহা ৮ নৱেম্বৰ তাৰিখ মঙলবাৰে বিয়লি ৪ বজাত অসমৰ শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডা: ৰণোজ পেগুৱে (Education Minister Ranoj Pegu) 'অসম গ্ৰন্থমেলা, নলবাৰী' উদ্বোধন কৰিব বুলি সংবাদ মেলত সদৰী কৰে ।
উল্লেখযোগ্য যে নলবাৰীৰ ৮৯ সংখ্যক ৰাস মহোৎসৱত এইবেলি অসম প্ৰকাশন পৰিষদৰ উদ্যোগত অনুষ্ঠিত হ'বলগা গ্ৰন্থমেলাত মুঠ ৪২ খনকৈ গ্ৰন্থ বিপণীয়ে অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই । গ্ৰন্থমেলাত কলকাতাৰ লগতে গুৱাহাটী আৰু নলবাৰীৰ বিপণীয়ে অংশগ্ৰহণ কৰিব বুলিও জনায় উক্ত সংবাদমেলত ।
উল্লেখ্য, অসম গ্ৰন্থমেলাৰ (Assam Book Fair 2022) প্ৰসংগত অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই যোৱা ২৮ অক্টোবৰত অসম প্ৰকাশন পৰিষদৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি কয় যে ৰাজ্যখনত গ্রন্থ আন্দোলনক অধিক বিস্তাৰিত কৰাৰ উদ্দেশ্যে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত অসমৰ ভিন্ন প্ৰান্তত আয়োজিত অসম গ্রন্থমেলাৰ এইবাৰ আৰম্ভণি হ'ব ধেমাজিৰ পৰা ।
ধেমাজিৰ কাছাৰী ময়দানত ৪ নৱেম্বৰৰ পৰা ১৩ নৱেম্বৰলৈ ১০ দিনীয়াকৈ বিস্তৃত কাৰ্যসূৰ্যচীৰে আয়োজন কৰা হৈছে অসম গ্রন্থমেলা । ৪ নৱেম্বৰৰ বিয়লি ৪ বজাত 'অসম গ্রন্থমেলা, ধেমাজি'ৰ শুভ উদ্বোধন কৰিব শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে । উদ্বোধনী অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই সম্মানীয় অতিথি আৰু লেখক, গৱেষক প্রদীপজ্যোতি মহন্তই বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰিব । অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত ধেমাজিত প্ৰথমবাৰৰ বাবে আয়োজন কৰা এই গ্রন্থমেলাত ৰাজ্য তথা ৰাজ্যৰ বাহিৰৰ ১০০খন গ্ৰন্থ বিপণীৰ অংশগ্রহণ নিশ্চিত হৈছে ।
আনহাতে, ২৯ ডিচেম্বৰৰ পৰা ৯ জানুৱাৰীলৈ গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত 'দ্বিতীয় অসম গ্রন্থমেলা, গুৱাহাটী’ অনুষ্ঠিত হ'ব (2nd Assam Book Fair Guwahati) । ২৯ ডিচেম্বৰত অনুষ্ঠিত হ'বলগা উদ্বোধনী অনুষ্ঠানলৈ মুখ্যমন্ত্রী, শিক্ষামন্ত্ৰীৰ লগতে ৰাজ্যখনৰ প্ৰথিতযশা লেখকক আমন্ত্ৰণৰ দিহা কৰা হৈছে বুলি তেওঁ কয় । তেওঁ লগতে কয় যে অসম গ্রন্থমেলা, গুৱাহাটীত ৰাজ্যখনৰ উপৰি দিল্লী, কলকাতা তথা বিদেশৰো গ্ৰন্থ বিপণীয়ে যোগদানৰ বাবে ইচ্ছা প্রকাশ কৰিছে ।
লগতে পঢ়ক :Children Friendly Room in Goalpara : গোৱালপাৰাত মুকলি শিশু মিত্ৰ কক্ষ