নলবাৰী, ১৮ নৱেম্বৰ: নলবাৰী জিলাৰ পশ্চিম প্ৰান্তৰ ধৰ্মপুৰৰ চামতাৰ গোপীনাথ মন্দিৰ প্ৰাঙ্গণত প্ৰাচীন ধৰ্মপুৰ গো-পূজা সমিতিৰ সৌজন্যত অহা ১৯ নৱেম্বৰৰ পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ১০৪ সংখ্যক গোষ্ঠাষ্টমী পৰ্বোৎসৱ আৰম্ভ হ'ব ৷ উদযাপন সমিতিৰ সভাপতি ডাঃ গুণাভিৰাম শৰ্মা, কাৰ্যকৰী সভাপতি প্ৰফুল্ল চন্দ্ৰ কাকতি আৰু সম্পাদক অশোক দত্তই উল্লেখ কৰা মতে, ১৯ নৱেম্বৰৰ পুৱা স্বচ্ছ অভিযান, ধৰ্মধ্বজা উত্তোলনৰ পিছত সন্ধিয়া ৬ বজাত পূজাৰ অধিবাসৰ লগতে প্ৰতিমা স্থাপন কৰা হ'ব ৷ ইয়াৰ পিছতে গোষ্ঠাষ্টমী পৰ্বোৎসৱ উদ্বোধন কৰিব বিজেপিৰ নলবাৰী জিলা সমিতিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰে ৷
ইপিনে,মুখ্য বন্তি প্ৰজ্বলন কৰিব বিজেপি নলবাৰী জিলা সমিতিৰ সম্পাদক পুলক কুমাৰ শৰ্মাই ৷ আন কেইগছি বন্তি প্ৰজ্বলন কৰিব বিৰাজ শৰ্মা,নবীন কাকতি, জয় বৰ্মন, অচ্যুৎ ভূঞা,পৱন কাকতি আৰু বসন্ত দত্তই ৷ ৭-৩০ বজাত স্মৃতি তৰ্পণ বেদিত বন্তি প্ৰজ্বলন কৰিব সমাজসেৱক ভূপেন শৰ্মা,সদ্য প্ৰয়াত ব্যক্তি সকলৰ পৰিয়ালবৰ্গ আৰু ৰাইজে ৷ নিশা ৮ বজাত বুড়ীনগৰৰ পাৰিজাত কলাকেন্দ্ৰৰ দ্বাৰা ভোৰতাল নৃত্য, থাপনা থিয়নাম দল আৰু বজালীৰ শ্ৰীশ্ৰী মথুৰা আতাৰ মহিলা বীৰ নাম দলে নাম পৰিবেশন কৰিব ৷ এই অনুষ্ঠানটো উদ্বোধন কৰিব নতুনদেহৰ জিলা পৰিষদ সদস্য ভাস্কৰ শৰ্মাই ৷
অহা ২০ নৱেম্বৰৰ পুৱা ৯ বজাৰ পৰা গো-অৰ্চনা, গো-সেৱা, গো-প্ৰদক্ষিণ, হোম যজ্ঞানুষ্ঠান আৰু পুস্পাঞ্জলি প্ৰদান আনুষ্ঠানৰ পিছত ৯ বজাৰ পৰা আগন্তুক বৰ্ষত গো-পূজাখনৰ শতবৰ্ষ উদযাপনৰ ওপৰত ৰাইজৰ পৰামৰ্শ বিচাৰি সাধাৰণ সভা আৰু শতবৰ্ষ উদযাপনৰ থিম ছং উন্মোচনী অনুষ্ঠানৰ আয়োজন কৰা হৈছে । থিম ছং উন্মোচন কৰিব বিশিষ্ট শিল্পী উমিশ দত্তই ৷ ১০-৩০ বজাত বিনামূলীয়া পশু চিকিৎসা শিৱিৰ উদ্বোধন কৰিব পশু চিকিৎসা বিষয়া ডাঃ দীপক ঠাকুৰীয়াই ৷
১২ বজাত গোষ্ঠাষ্টমী পৰ্বোৎসৱৰ আদি স্থান গৰখীয়া থানত শৰাই প্ৰদান , গো-গ্ৰাস প্ৰদান কৰিব ৰঞ্জু দত্ত আৰু ৰিজু দত্তই ৷ দিনৰ ২-৩০ বজাৰ পৰা কামৰূপীয়া ঢুলীয়াৰ অনুষ্ঠান পৰিৱেশন কৰা হ'ব ৷ সন্ধিয়া সমূহীয়া বন্তি প্ৰজ্বলন অনুষ্ঠান মুকলি কৰিব সমাজসেবক দিলীপ বৰ্মনে ৷ নিশা ৯ বজাত মিৰ্জাৰ যুগান্তৰ নাট্যদলে নাটক মঞ্চস্থ কৰিব ৷ ইপিনে,২১ নৱেম্বৰৰ দিনৰ ১ বজাত আয়তীৰ নাম প্ৰতিযোগিতা উদ্বোধন কৰিব হৰি দাস ৰাজবংশীয়ে ৷ সন্ধিয়া বন্তি প্ৰজ্বলন কৰিব প্ৰাক্তণ সভাপতি ৰমেশ ভূঞাই ৷ সন্ধিয়া ৭ বজাত সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব নলবাৰী জিলা পৰিষদৰ সভাপতি নিতুল ডেকাই ৷
আনহাতে, ২২ নৱেম্বৰৰ আবেলি ৫ বজাত ৰেবতী মজুমদাৰ আৰু হিৰামণি মজুমদাৰৰ দলে থিয়নাম পৰিৱেশন কৰিব ৷ সন্ধিয়া ৭ বজাৰ পৰা নাগাৰা নাম পৰিৱেশন কৰিব পাঠক কৈলাশ তালুকদাৰ আৰু ময়ুৰী নাথৰ দলে ৷ নাগাৰা নামৰ অনুষ্ঠান উদ্বোধন কৰিব মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ অতিথি হিচাবে উপস্থিত থাকিব পকোৱা জিলা পৰিষদ সদস্য পবিত্ৰ কুমাৰ ডেকা আৰু ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক উপ সভাপতি জয়ন্ত শইকীয়া ৷
লগতে পঢ়ক:ডুমডুমাত ষঠ পূজাত পিতৃ-মাতৃৰ সোঁৱৰণত সামগ্ৰী বিতৰণ