ETV Bharat / state

Nalbari Raas 2022: নলবাৰী ৰাসত বলীউডৰ জনপ্ৰিয় কৌতুক অভিনেতা আচৰানী - জনপ্ৰিয় কৌতুক অভিনেতা আচৰানী

বলীউডৰ ড্ৰীমগাৰ্লৰ (Dream Girl) পিছত আজি নলবাৰী ৰাসত উপস্থিত হ’ল বলীউডৰ জনপ্ৰিয় কৌতুক অভিনেতা গোৱৰ্ধন আচৰানী (Actor Govardhan Asrani) । নলবাৰী ৰাসত লাখ লাখ জনসমাগমৰ মাজেৰে উপস্থিত বলীউডৰ কৌতুক অভিনেতা গোৱৰ্ধন আচৰানী । গোৱৰ্ধন আচৰানীক আদৰি আনিলে নলবাৰী হৰিমন্দিৰ সমিতি আৰু ৰাস সমিতিয়ে (Nalbari Raas)।

Actor Govardhan Asrani in Nalbari Raas
নলবাৰী ৰাসত বলীউডৰ জনপ্ৰিয় কৌতুক অভিনেতা আচৰানী
author img

By

Published : Nov 15, 2022, 10:53 PM IST

নলবাৰী, 15 নৱেম্বৰ: বলীউডৰ ড্ৰীমগাৰ্লৰ (Dream Girl) পিছত আজি নলবাৰী ৰাসত উপস্থিত হ’ল বলীউডৰ জনপ্ৰিয় কৌতুক অভিনেতা গোৱৰ্ধন আচৰানী (Actor Govardhan Asrani) । নলবাৰী ৰাসত লাখ লাখ জনসমাগমৰ মাজেৰে উপস্থিত বলীউডৰ কৌতুক অভিনেতা গোৱৰ্ধন আচৰানী । একপ্ৰকাৰ বলীউডৰ তাৰকাৰে নলবাৰী হৰিমন্দিৰ সমিতি আৰু ৰাস সমিতিয়ে এইবেলি দেখুৱালে আন এক চমক ।

গোৱৰ্ধন আচৰানীক আদৰি আনিলে নলবাৰী হৰিমন্দিৰ সমিতি আৰু ৰাস সমিতিয়ে (Nalbari Raas)। বলিউডৰ অভিনেতাগৰাকীক উদযাপন সমিতিয়ে ফুলাম জাপি, মুগাৰ ফুলাম গামোচা, চেলেং চাদৰ, মান বঁটা, ফুলৰ থোপা, অসমীয়া খাদ্য সম্ভাৰেৰে আদৰণি জনায় ।

উল্লেখ্য যে উত্তৰ পূৱ ভাৰতৰ ঐতিহ্যমণ্ডিত নলবাৰী শ্ৰীশ্ৰী হৰিমন্দিৰত অনুষ্ঠিত হৈ থকা ৮৯ সংখ্যক ৰাস মহোৎসৱৰ আজি নৱম দিনৰ সন্ধিয়া হৰিমন্দিৰৰ মূল মঞ্চত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত বিভিন্ন কৌতুক সংলাপেৰে উপস্থিত লাখ লাখ ভক্তক হাঁহিৰ খোৰক যোগায় । অনুষ্ঠানত ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা, কেবিনেট মন্ত্রী জয়ন্ত মল্ল বৰুৱা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

নলবাৰী ৰাসত বলীউডৰ জনপ্ৰিয় কৌতুক অভিনেতা আচৰানী

বলিউডৰ মোহময়ী অভিনেত্ৰী হেমা মালিনীয়ে (Bollywood Actress Hema Malini)৷ সোমবাৰে নলবাৰীৰ ৰাস মহোৎসৱ দৰ্শন কৰাৰ পিছত আজি এই মহোৎসৱলৈ আগমন ঘটিল বলিউডৰ জনপ্ৰিয় কৌতুক অভিনেতা আচৰানীৰ । তেওঁ সাংস্কৃতিক অনুষ্ঠানত অংশ লৈ কয় যে, অসম এখন সংস্কৃতিবান ৰাজ্য। ইয়াত বিভিন্ন উৎসৱ অনুষ্ঠিত হয় । ৰাস মহোৎসৱ আয়োজন কৰিও আধ্যাত্মিক বাণী প্ৰচাৰ কৰিছে ।

ইফালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উচ্চ প্ৰশংসা কৰি বলিউডৰ অভিনেতা গৰাকীয়ে কয় যে- তেওঁ অসমৰ নক্সায়ে সলনি কৰি পেলাইছে । শিক্ষা,স্বাস্থ্যৰ উন্নতি আৰু নিবনুৱাৰ নিযুক্তিৰ ক্ষেত্ৰতো অহৰ্নিশে কাম কৰি আছে । মই ২০/২৫ বছৰ পূৰ্বে তিনিচুকীয়ালৈ প্ৰথম আহিছিলো । তেতিয়াৰ দিন আৰু আজিৰ দিন ভাবিব লগা পৰিৱৰ্তন হৈছে অসমত । মুখ্যমন্ত্ৰীয়ে চাকৰি দিছে ল’ৰা-ছোৱালীসকলক আৰু সেই চাকৰি কৰা ল’ৰা-ছোৱালীয়ে নিজৰ পিতৃ-মাতৃক সেৱা কৰিব লাগিব । এনে বহু ভাল সিদ্ধান্ত লৈছে মুখ্যমন্ত্ৰীয়ে ।

তেওঁ লগতে কয়,"মই মুম্বাইৰ বলিউডৰ অভিনেতা অমিতাভ বচ্চনকে ধৰি সকলোকে নলবাৰীৰ ৰাসলৈ আহিবলৈ অনুৰোধ জনাইছো । ইয়ালৈ আহিলে মৰম পাব । মই বিশ্বৰ বিভিন্ন ঠাই ঘূৰিছো কিন্তু অসম বা নলবাৰীৰ দৰে আদৰ আৰু মৰম পোৱা নাই ।"

আনহাতে মহোৎসৱ উদযাপন সমিতিৰ সভাপতি জয়ন্ত মল্ল বৰুৱাই কয় যে বলিউডৰ অভিনেতা-অভিনেত্ৰী মহোৎসৱলৈ আনি সংস্কৃতিৰ সমন্বয় বাৰ্তা প্ৰেৰণ কৰিব বিচৰা হৈছে । উজনিৰ জীৱন্ত ৰাস আৰু নামনিৰ মৃণ্ময় মূৰ্তিৰ ৰাসে যাতে ভাৰতবৰ্ষৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হ’ব পাৰে তাৰ বাবে চেষ্টা কৰা হৈছে ।

লগতে পঢ়ক: Hema Malini In Nalbari: মথুৰাৰ ৰাসৰ সৈতে সংযোজিত কৰা হ'ব নলবাৰীৰ ৰাস: হেমামালিনী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.