ETV Bharat / state

Nalbari Medical College inauguration: মুকলি হ'ল নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাল

গৰু বিহুৰ দিনাই মুকলি হ'ল নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (Inauguration of Nalbari Medical College)। চাংসাৰিৰ পৰা ভাৰ্চুৱেলী প্ৰধানমন্ত্ৰীয়ে চিকিৎসা মহাবিদ্যালয়ৰ শুভ উদ্বোধন কৰে । একেদিনাই এইমছ গুৱাহাটীৰো শুভ উদ্বোধন ।

author img

By

Published : Apr 14, 2023, 8:08 PM IST

Nalbari Medical College inauguration
মুকলি হ'ল নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাল

নলবাৰী, ১৪ এপ্ৰিল: ৰঙালীক লৈ ৰাজ্যবাসীৰ মনত ব্যাপক উছাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে । প্ৰতিগৰাকী অসমীয়াই ৰাজ্যজুৰি গৰু বিহু পালন কৰিছে । গৰু বিহুৰ দিনাই নলবাৰীৰ ৰাইজৰ বাবে সুখবৰ । মুকলি হ'ল নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাল । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰ্চুৱেলী এই চিকিৎসা মহাবিদ্যালয় উদ্বোধন কৰে (PM Modi inaugurates Nalbari Medical College)। ইয়াকে লৈ নলবাৰীৰ ৰাইজৰ মাজত ব্যাপক আনন্দ উল্লাহ দেখিবলৈ পোৱা গৈছে ।

উল্লেখ্য যে, গৰু বিহুৰ দিনাই অসমত উপস্থিত হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । পুৱাই চাংসাৰিত উপস্থিত হৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে মুকলি কৰে অসমৰ ৰাইজৰ বহু প্ৰত্যাশিত এইমছ গুৱাহাটী (PM Modi inaugurates AIIMS Guwahati)। এই অনুষ্ঠানৰ মাজতে প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰ্চুৱেলী নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালখনৰো শুভ উদ্বোধন কৰে ।

ইফালে, নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত আয়োজিত সভাৰ আৰম্ভণিতে ভাষণ আগবঢ়াই এনএমচিৰ অধ্যক্ষ ডাঃ যোগেশ শৰ্মাই । ইয়াৰ পাচতে নলবাৰী জিলা উপায়ুক্ত গীতিমণি ফুকনে সকলো ৰাইজলৈ কৃতজ্ঞতা জ্ঞাপন কৰে । আনহাতে, উদ্বোধনী অনুষ্ঠানত চাংসাৰিত উপস্থিতি থাকে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল‍্যাণ মন্ত্ৰী মনসুখ মাণ্ডাভিয়া, অসমৰ স্বাস্থ‍্য মন্ত্ৰী কেশৱ মহন্তকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি ।

উল্লেখ্য যে, ২০১৯ চনৰ ২৭ জানুৱাৰীত তদানীন্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ দক্ষিণ গাঁৱত ১৩২ বিঘা ভূমিত নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ শিলান্যাস কৰিছিল (Nalbari Medical College and Hospital)। বৰ্তমানলৈ প্ৰায় ৬৫০ কোটি টকা ব্যয় সাপেক্ষ নিৰ্মাণ হোৱা নলবাৰী চিকিৎসা মহাবিদ্যালয়ে ইতিমধ্যে যোৱা ১৫ মাৰ্চত ৰাষ্ট্ৰীয় আয়ুষ বিজ্ঞান আয়োগৰ পৰা লাভ কৰিছিল মেডিকেল কলেজৰ স্বীকৃতি ৷ য'ত প্ৰথম পৰ্যায়ত ১০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে কৰিব পাৰিব অধ্যয়ন ৷

উল্লেখ্য যে, বৃহত্তৰ উত্তৰ কামৰূপৰ কেইবাটাও অঞ্চলৰ স্বাস্থ্য সেৱাৰ বাবে সুবিধাজনক হ'ব ৫০০ খন বিচনাযুক্ত নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাল । ইফালে প্ৰধানমন্ত্ৰী মোডীয়ে নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ উপৰিও নগাঁও আৰু কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ৰো শুভ উদ্বোধন কৰে ।

লগতে পঢ়ক :AIIMS Guwahati : অসমবাসীয়ে লাভ কৰিলে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.