নলবাৰী,28 অক্টোবৰঃ নলবাৰী জিলাত শ্বহীদ মুকুন্দ কাকতি বাছ আস্থান মুকলিৰ দাবীত গণ অৱস্থান কাৰ্যসূচী ৰূপায়ণ ৷ উল্লেখযোগ্য যে, ২০০০ চনৰ ২৬ জানুৱাৰীত সেই সময়ৰ নলবাৰী সমষ্টিৰ অগপ বিধায়ক তথা মন্ত্ৰী নগেন শৰ্মাৰ উদ্যোগত নলবাৰী জিলাৰ ধমধমা ৰোড (মিলনপুৰ)ত প্ৰায় বাৰ বিঘা মাটিত শ্বহীদ মুকুন্দ কাকতি নামেৰে এটি বাছ আস্থান নিৰ্মাণ কৰিছিল ৷ ইপিনে চলিত বছৰৰ জুন মাহত কোনো ধৰণৰ আগতীয়া জাননি নিদিয়াৰ লগতে কোনো ধৰণৰ বিকল্প ব্যৱস্থা গ্ৰহণ নকৰাকৈ নলবাৰী উন্নয়ন কৰ্তৃপক্ষই বাছ আস্থানটোত কাটা তাঁৰৰ বেৰ দি বন্ধ কৰি দিয়ে ৷
আনহাতে নলবাৰী উন্নয়ন কৰ্তৃপক্ষৰ সিদ্ধান্তত ক্ষুদ্ধ হৈ নলবাৰী সুৰক্ষা মঞ্চ,শ্বহীদ মুকুন্দ কাকতি বাছ আস্থানৰ উদ্যোগত আৰু নলবাৰী জিলাৰ বে-চৰকাৰী লাইন আৰু উত্তৰ কামৰূপ বজাৰ বাছ মালিক সংন্থাৰ লগতে নলবাৰীৰ কেইবাটাও অৰাজনৈতিক সংগঠনৰ উদ্যোগত আজি শ্বহীদ মুকুন্দ কাকতি বাছ আস্থানত গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ প্ৰতিবাদৰ অন্তত জিলা উপায়ুক্তক শীঘ্ৰে বাছ আস্থানটো মুকলি কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় ৷ অন্যথা তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি জিলা প্ৰশাসনক সকিয়াই দিয়ে প্ৰতিবাদকাৰী সকলে ৷
লগতে পঢ়কঃ পূৰ্বতকৈ পলমকৈ অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা