ETV Bharat / state

জীৱন যুঁজত হাৰ মানিব নিবিচৰা এগৰাকী বৃদ্ধা

জীৱন যুঁজত হাৰ মানিব নিবিচৰা এগৰাকী বৃদ্ধা ৷ নামঃ পাৰ্বতী কলিতা ৷ প্ৰলয়ংকাৰী বানে উটুৱাই নিছিল বৃদ্ধাগৰাকীৰ স্বামীক ৷ এখন সৰু চাহ-পিঠাৰ দোকানেৰে বিগত 16 বছৰ পৰিয়াল চলাই গৈছে বৃদ্ধাগৰাকীয়ে ৷

author img

By

Published : Oct 17, 2019, 10:29 PM IST

পাৰ্বতী কলিতা

নলবাৰী, 17 অক্টোবৰঃ জীৱন যুঁজত হাৰ মানিব নিবিচৰা এগৰাকী বৃদ্ধা ৷ নাম পাৰ্বতী কলিতা ৷ 2003 চনৰ প্ৰলয়ংকৰী বানত স্বামীক হেৰুৱাইছিল বৃদ্ধাগৰাকীয়ে ৷ আৰু তাৰ পাচতেই আৰম্ভ হৈছিল জীৱন সংগ্ৰাম ৷ বিগত 16 বছৰ ধৰি এখন সৰু চাহ-পিঠাৰ দোকানেৰে নিজৰ লগতে পৰিয়ালক পোহ-পাল দিছে বৃদ্ধাগৰাকীয়ে ৷ দোকানখনৰেই ৫ গৰাকী কন্যাৰ মাতৃ এইগৰাকী বৃদ্ধাই ৪ গৰাকী কন্যাক ইতিমধ্যে বিয়া দিছে ৷

জীৱন যুঁজত হাৰ মানিব নিবিচৰা এগৰাকী বৃদ্ধা

এতিয়াও পাৰ্বতী কলিতাৰ শিৰত দগমগাই আছে জোন যেন সেন্দুৰৰ ফোঁট ৷ 2003 চনৰ প্ৰলয়ংকাৰী বানত স্বামীক হেৰুৱাইছিল বৃদ্ধাগৰাকীয়ে ৷ তেতিয়াৰে পৰা আজিকোপতি স্বামীৰ কোনো খবৰ নাহিল তেওঁলৈ ৷ স্বামী মৃত নে জীৱিত সেয়াও জ্ঞাত নহয় পাৰ্বতী কলিতা ৷ তথাপিও যেন আশাৰে বাট চাই আছে স্বামীলৈ ৷

Intro:নলবাৰীত এগৰাকী ৬০বছৰীয়া বৃদ্ধাৰ সংগ্ৰামৰ কাহিনী ।

বানে উটুৱাই নিছিল স্বামীক
তথাপি তেওঁ উকা কৰিব নিবিচাৰে কপাল

আজিও কপালত তেওঁৰ দগমগাই আছে জোন যেন সেন্দূৰৰ ফোটটি Body:জীৱন জিনাৰ যুঁজত হাৰ মানিব নোখোজা এগৰাকী ৬০ বছৰীয়া বৃদ্ধা ।নাম পাৰ্বতী কলিতা । নলবাৰী জিলাৰ বতাহগিলাত ঘৰ বৃদ্ধা গৰাকীৰ । বৃদ্ধা গৰাকীৰ সংগ্ৰামৰ কাহীনীয়ে সেমেকাই তুলিব আপোনাৰ দুচকু!গাভৰু কালৰে পৰাই হোটেলে হোটেলে কাম কৰি জীৱনৰ যুঁজত ব্ৰতী তেওঁ।তেনেকৈয়ে চলাইছিল পৰিয়াল ।পৰৱৰ্তী সময়ত এনেদৰেই নলবাৰীৰ গনেশ মন্দিৰ চ'কত টিঙৰ চালিৰ ঘৰ সাজি এইদৰে বিগত ১৬ বছৰ ধৰি চাহ পিঠা বিক্ৰী কৰি পৰিয়ালটো চলাই নিছে ।৫ গৰাকী কন্যাৰ মাতৃ এইগৰাকী বৃদ্ধা মহিলা ।৪ গৰাকী কন্যাক বিয়া দিছে যদিও এগৰাকী শাৰীৰিক ভাৱে সক্ষম কন্যাৰ সৈতি এটি সৰু জুপুৰিত বাস কৰি চলাই গৈছে সংগ্ৰাম ।২০০৩চনৰ প্ৰলয়ংকাৰী পাগলদিয়া নৈৰ বানপানিয়ে উটুৱাই নিছিল নিজৰ স্বামীক। সেই তেতিয়াৰ পৰা অাজিলৈকে স্বামীৰ কোনো খবৰেই নাহিল তেওঁৰ ওচৰলৈ ।তেওঁ‌ মৃত নে জীৱিত সেই বিষয়েও জ্ঞাত নহয় বৃদ্ধা গৰাকী ।তথাপি স্বামীৰ নামেৰে ৰঙা কৰা তেওঁৰ কপালখনি উকা কৰিব নিবিচাৰে তেওঁ ।তথাপি হাৰিব নোখোজে তেওঁ।এইদৰে চলাই গৈছে সংগ্ৰাম………………

বাইট--Conclusion:কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.