ETV Bharat / state

বানে উটুৱাই নিলে নলবাৰীৰ এটি কিশোৰ - বানে উটুৱাই নিয়ে মইদুল হক নামৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰজন

শুকুৰবাৰে পুৱা নলবাৰীত বানপানী চাবলৈ যাওঁতে বানে উটুৱাই নিয়ে মইদুল হক নামৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰজন ৷ বৰ্তমানো সন্ধানহীন হৈ আছে কিশোৰটি ৷

বানে উটুৱাই নিলে নলবাৰীৰ এটি কিশোৰ
বানে উটুৱাই নিলে নলবাৰীৰ এটি কিশোৰ
author img

By

Published : May 29, 2020, 7:39 PM IST

নলবাৰী, 29 মে’: নলবাৰীৰ শুকেকুছিত শোকাৱহ ঘটনা । শুকুৰবাৰে পুৱা প্ৰায় 10 বজাত মইদুল হক আৰু ইক্ৰাম হুছেইন নামৰ দুটি কিশোৰে বানপানী চাবলৈ যাওঁতে মইদুল হক নামৰ কিশোৰটিক বানে উটুৱাই নিয়ে । ইফালে ইক্ৰাম হুছেইন নামৰ কিশোৰটিৰ কথমপি প্ৰাণ ৰক্ষা পৰে ।

বানে উটুৱাই নিলে নলবাৰীৰ এটি কিশোৰ

বানপানীয়ে উটুৱাই নিয়া মইদুল হক পঞ্চম শ্ৰেণীৰ ছাত্র আছিল । ইতিমধ্যে স্থানীয় ৰাইজৰ লগতে এছ.ডি.আৰ.এফ. বাহিনী কিশোৰটিৰ সন্ধানত নামি পৰিছে ।বৰ্তমানো কিশোৰটি সন্ধানহীন হৈ আছে বুলি জানিব পৰা গৈছে ৷ ঘটনাক লৈ অঞ্চলটোত সৃষ্টি হৈছে শোকাকুল পৰিৱেশৰ ৷

লগতে পঢ়ক: ছত্তীশগড়ৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী অজিত যোগীৰ পৰলোকপ্ৰাপ্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.