ETV Bharat / state

পদপথলৈ ওলাই আহিল লক ডাউনে জুৰুলা কৰা এগৰাকী শিল্পী - নলবাৰী পদপথত শিল্পী চামচেৰ আলী

নলবাৰী পদপথত শিল্পী চামচেৰ আলী ৷ ট্ৰেইনত গীত গাই টকা উপাৰ্জন কৰা বিশেষভাৱে সক্ষম এইগৰাকী শিল্পীৰ নাজল নাথল অৱস্থা কৰিছে লক ডাউনে ৷ অৱশেষত উপায়ন্তৰ হৈ নলবাৰীৰ পদপথলৈ ওলাই আহি গীত জুৰিলে শিল্পীগৰাকীয়ে ৷

one-special-artist-from-baksa-performed-at-nalbari-town-footpath
পদপথলৈ ওলাই আহিল লক্ ডাউনে জুৰুলা কৰা এগৰাকী শিল্পী
author img

By

Published : Jul 28, 2020, 6:16 PM IST

নলবাৰী,28 জুলাইঃ বাক্সা জিলাৰ মেৰকুছিৰ এগৰাকী বিশেষভাৱে সক্ষম শিল্পী ৷ কৰ'ণা ত্ৰাসৰ বাবে ৰাজ্যত চলা লক ডাউনে জুৰুলা কৰিছে শিল্পীগৰাকীক ৷

পদপথলৈ ওলাই আহিল লক্ ডাউনে জুৰুলা কৰা এগৰাকী শিল্পী

চামচেৰ আলী নামৰ শিল্পীগৰাকীয়ে ট্ৰেইনত গীত গাই টকা উপাৰ্জন কৰি পোহপাল দি আছিল পৰিয়ালটো ৷ সমগ্ৰ দেশত প্ৰদান কৰা লক ডাউনৰ বাবে ৰে'লগাড়ী বা পদপথত গান গোৱা বন্ধ হৈ পৰিল,বন্ধ হৈ পৰিল উপাৰ্জনৰ পথ ৷ কোনোদিন কোনো চৰকাৰী সাহাৰ্য পোৱা নাই বিশেষভাৱে সক্ষম শিল্পী গৰাকীয়ে ৷ গীতেই তেওঁৰ জীয়াই থকাৰ একমাত্ৰ সম্বল ৷ লক্ ডাউনৰ সময়ছোৱাত ঘৰত সোমাই থকাৰ বাবে ভীষণ সমস্যাৰ সন্মুখীন হ'ল পৰিয়ালটো ৷ অৱশেষত উপায়ন্তৰ হৈ পদপথলৈ ওলাই আহি গীত জুৰিলে শিল্পীগৰাকীয়ে ৷ নলবাৰী চহৰলৈ ওলাই আহি পদপথত পৰিৱেশন কৰিলে বহুকেইটা অসমীয়া কালজয়ী গীত ৷

লগতে পঢ়কঃযুৱ প্ৰতিভাক উদগনি জনালে অমিতাভ বচ্চনে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.