নলবাৰী, 20 জুলাই : নলবাৰীৰ মুকালমুৱাত খেতি পথাৰত হালবোৱাক কেন্দ্ৰ কৰি দুই ভাতৃৰ মাজত সংঘটিত হয় মাৰপিটৰ ঘটনা(One person died in clash between two brothers) । এই ঘটনাত কনিষ্ঠ ভাতৃৰ প্ৰহাৰত প্ৰাণ গ'ল জ্যেষ্ঠ ভাতৃৰ । জেষ্ঠ ভাতৃগৰাকীৰ নাম হৈছে বসন্ত মেধি আৰু কনিষ্ঠ ভাতৃগৰাকীৰ নাম হৈছে প্ৰণৱ মেধি ৷
অভিযোগ অনুসৰি, মুকালমুৱাৰ কচুৱাত খেতি পথাৰত ট্ৰেক্টৰেৰে হাল বোৱাক কেন্দ্ৰ কৰি দুই ভাতৃৰ মাজত প্ৰথমে সংঘাতৰ সৃষ্টি হয় । ইয়াৰ পিছতে আৰম্ভ হয় মাৰপিট ৷ এই ঘটনাত কনিষ্ঠ ভাতৃ প্ৰণৱ মেধিৰ প্ৰহাৰত সেই স্থানতে জেষ্ঠ ভাতৃ বসন্ত মেধি অচেতন হৈ ঢলি পৰে ৷ জ্যেষ্ঠ ভাতৃ বসন্ত মেধিক আক্ৰমণ কৰি বিষাক্ত দ্ৰব্য সেৱন কৰে কনিষ্ঠ ভাতৃ প্ৰণৱ মেধিয়ে ।
ততাতৈয়াকৈ বিষাক্ত দ্ৰব্য সেৱন কৰা প্ৰণৱ মেধিক মুকালমুৱা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । বৰ্তমান সংকটমুক্ত অৱস্থাত আছে প্ৰণৱ মেধি । আনহাতে, প্ৰণৱ মেধিৰ আক্ৰমণত গুৰুতৰভাৱে আহত বসন্ত মেধিক সংকটজনক অৱস্থাত GMCH লৈ প্ৰেৰণ কৰা হৈছিল যদিও পৰিয়ালৰ লোকে উত্তৰ গুৱাহাটীস্থিত GNRCলৈ লৈ যায় আৰু GNRCতে বসন্ত মেধিৰ মৃত্যু হয় । ইতিমধ্যে ঘটনা সংক্ৰান্তত দৌলাশাল আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।
লগতে পঢ়ক : Crime in West Bengal: শিশু কন্য়াক পিতৃৰ যৌন নিৰ্যাতন