ETV Bharat / state

3D Planetarium inaugurated: মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে উত্তৰ-পূৱৰ প্ৰথমটো 3D তাৰকাগৃহ

author img

By

Published : Dec 6, 2022, 2:56 PM IST

মুকলি কৰা হ'ল উত্তৰ-পূৱৰ প্ৰথমটো 3D তাৰকাগৃহ(North East first 3D planetarium in Nalbari) । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নলবাৰীৰ সৰিয়হতলীস্থিত তাৰকাগৃহটো মুকলি কৰে । এই মুকলি অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী কেশৱ মহন্ত , অজন্তা নেওগ , জয়ন্ত মল্ল বৰুৱা , চন্দ্ৰমোহন পাটোৱাৰী ।

CM inaugurated 3d planetarium in Nalbari
মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে উত্তৰ-পূৱৰ প্ৰথমটো 3D তাৰকাগৃহ

নলবাৰী,৬ ডিচেম্বৰ: বহু জল্পনা কল্পনাৰ অন্তত আজি মুকলি কৰা হ'ল উত্তৰ-পূৱৰ প্ৰথমটো 3D তাৰকাগৃহ নলবাৰী তাৰকাগৃহ(North East first 3d planetarium in Nalbari) । নলবাৰীৰ সৰিয়হতলীস্থিত তাৰকাগৃহটো দৰ্শকৰ বাবে মুকলি কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই(3d planetarium in nalbari inaugurated) । ব্যাপক নিৰাপত্তা বেষ্টনীৰ মাজতে তাৰকাগৃহটো মুকলি কৰি মুখ্যমন্ত্ৰীয়ে দৰ্শন কৰে বিজ্ঞান কেন্দ্ৰ(CM inaugurated 3D planetarium in Nalbari) । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী কেশৱ মহন্ত, অজন্তা নেওগ, জয়ন্ত মল্ল বৰুৱা, চন্দ্ৰমোহন পাটোৱাৰীও উপস্থিত থাকে নলবাৰী তাৰকাগৃহ মুকলি অনুষ্ঠানত ।

ইতিমধ্যে জিলা প্ৰশাসন আৰু বিভিন্ন টেকনেচিয়ানে তাৰকাগৃহৰ প্ৰতিটো দিশ তন্ন তন্নকৈ পৰীক্ষা কৰাৰ পিছত মঙলবাৰে উত্তৰপূৱৰ প্ৰথম 3D তাৰকাগৃহটো মুখ্যমন্ত্ৰীয়ে মুকলি কৰি প্ৰথম দৰ্শনী উপভোগ কৰে । বিকাশৰ বাবে এটা পষেক নামেৰে অসমৰ বিভিন্ন জিলাত উন্নয়নৰ আধাৰশিলা কিম্বা বিভিন্ন উন্নয়নমূলক আঁচনিৰ মুকলি কৰিব বুলি মত প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

উল্লেখযোগ্য যে ২০১২ চনৰ ২১ মে'ত তেতিয়াৰ কংগ্ৰেছ চৰকাৰৰ দিনতে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই তাৰকাগৃহটোৰ শিলান্যাস কৰিছিল । আনহাতে তাৰকাগৃহটো মুকলি কৰি সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত নলবাৰী জিলাত উদ্যোগৰ ক্ষেত্ৰত কোনো ধৰনৰ গুৰুত্ব আৰোপ নকৰাত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে যেতিয়া আমি বিয়া খাব আহো, আমি শ্ৰাদ্ধৰ কথা নাপাতো । ইফালে তাৰকাগৃহ মুকলিৰ পিছতে নলবাৰীৰ সৰিয়হতলী ষ্টেডিয়ামত এখন জনসভাত অংশগ্ৰহন কৰি কেইবাটাও প্ৰকল্পৰ ভাৰ্চুৱেলী আধাৰশিলা কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

লগতে পঢ়ক: Mysterious death at Barpeta road : বৰপেটাৰোডত ৰহস্যজনকভাৱে উদ্ধাৰ বনকৰা যুৱতীৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.