নলবাৰী,11 মাৰ্চ: সমাগত অসম বিধানসভা নিৰ্বাচনত প্ৰতিটো ৰাজনৈতিক দলে প্ৰভুত্ব দেখুওৱাৰ প্ৰয়াস কৰিছে । মনোনয়ন দাখিলৰ সময়তে প্ৰতিটো ৰাজনৈতিক দলে নিজ শক্তি প্ৰদৰ্শন কৰিবলৈ লৈছে ৷ বৃহস্পতিবাৰে নলবাৰী সমষ্টিৰ জাতীয় কংগ্ৰেছ দলৰ মহাজোঁট বন্ধনৰ প্ৰাৰ্থী প্ৰদ্যুত ভূঞাই মনোনয়ন দাখিল কৰে । নলবাৰী চহৰৰ মাজমজিয়াৰ ৰাজীৱ ভৱনৰ পৰা কেইবা সহস্ৰাধিক লোকৰ সমদলেৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰে প্ৰদ্যুত ভূঞাই ।
মনোনয়ন দাখিলৰ সময়ত ভূঞাক সংগ দিয়ে বিপিএফ দলৰ সাধাৰণ সম্পাদক প্ৰবীণ বড়ো, চিপিআই(এম) ৰ নেতা ৰবীন মিশ্ৰ, নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি দিগন্ত বৰ্মন, অসম ৰাজ্যিক যুৱ কংগ্ৰেছৰ উপ সভাপতি ৰাতুল পাটোৱাৰীসহ বহু দলীয় নেতা-কৰ্মীয়ে । মনোনয়ন দাখিলৰ পূৰ্বে প্ৰদ্যুত ভূঞাই বিপুল সংখ্যক ভোটেৰে নিৰ্বাচনত জয়ী হোৱাৰ আশা ব্যক্ত কৰে ৷
লগতে পঢ়কঃ সোণোৱাল চৰকাৰৰ পৰিৱৰ্তনে চুব নোৱাৰা দেৰগাঁও সমষ্টিৰ এটা পথ