ETV Bharat / state

মুকলি নৌহওঁতেই ফাঁট মেলিলে মুকালমুৱা চিকিৎসালয়ৰ 13 কোটি টকীয়া ভৱনত - mukalmua civil hospital

বৰক্ষেত্ৰীৰ প্ৰাণকেন্দ্ৰস্বৰূপ বৃহত্তৰ মুকালমুৱা অঞ্চল ৷ কিন্তু উপযুক্ত সা-সুবিধাৰ পৰা বঞ্চিত এই অঞ্চলটো ৷ শেহতীয়াকৈ নিৰ্মাণ কৰা মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ৰ নৱনিৰ্মিত ভৱনত ঠিকাদাৰৰ নিম্নমানৰ কামৰ বাবেই ফাঁট মেলা পৰিলক্ষিত হৈছে (Wall cracked in newly constructed building of Mukalmua civil hospital) ৷ কথাটো স্বীকাৰ কৰিছে খোদ চিকিৎসালয়খনৰ ভাৰপ্ৰাপ্ত স্বাস্থ্য বিষয়া চক্ৰধৰ বৰ্মনে ৷

newly-constructed-building-of-mukalmua-civil-hospital-worth-13-crore-cracked
মুকলি নৌহওঁতেই ফাঁট মেলিলে মুকালমুৱা চিকিৎসালয়ৰ 13 কোটিটকীয়া ভৱনত
author img

By

Published : May 5, 2022, 8:20 PM IST

নলবাৰী, 5 মে’ : নলবাৰী জিলাৰ অন্যতম বৃহত্তৰ সমষ্টি হৈছে বৰক্ষেত্ৰী ৷ পশ্চিম নলবাৰী অঞ্চলৰ শিক্ষা-দীক্ষা, সাংস্কৃতিক আদি সকলো দিশতে তুলনামূলকভাৱে আগবঢ়া বৰক্ষেত্ৰী সমষ্টি ৷ এই বৰক্ষেত্ৰীৰে প্ৰাণকেন্দ্ৰস্বৰূপ বৃহত্তৰ মুকালমুৱা অঞ্চল ৷ দীৰ্ঘদিনৰে পৰা মুকালমুৱাবাসীয়ে বঞ্চিত হৈ আহিছে উপযুক্ত সা-সুবিধা লাভৰ পৰা ৷

স্থানীয় দল-সংগঠনৰ বহু প্ৰতিবাদৰ পিছত অৱশেষত মুকালমুৱাবাসীয়ে লাভ কৰিছিল মহকুমা অসামৰিক চিকিৎসালয়ৰ নৱনিৰ্মিত ভৱনৰ অনুমোদন (Government hospital in Mukalmua)৷ সেই অনুসৰি, 2019 চনৰ 8 মাৰ্চত মন্ত্ৰী পীযুষ হাজৰিকাই মাংগলিক কাৰ্যসূচীৰে স্থাপন কৰিছিল চিকিৎসালয়খনৰ নৱনিৰ্মিত ভৱনৰ আধাৰশিলা ৷ প্ৰায় তিনিটা বছৰৰ মূৰত কোনোমতে নিৰ্মাণকাৰ্য সম্পন্ন হৈছিল উক্ত ভৱনৰ ৷

প্ৰায় 13 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই ভৱনত সম্প্ৰতি মেলিছে ফাঁট ৷ উল্লেখ্য যে, নৱনিৰ্মিত ভৱনটো চিকিৎসা সেৱাৰ বাবে মুকলি কৰা হোৱা নাছিল ৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে ভৱনটো মুকলি নৌহওঁতেই অধিকাংশ দেৱালতে দেখা গৈছে ফাঁট ৷ চাৰিমহলীয়া ভৱনটোৰ বাহিৰভাগত এনেদৰে ফাঁট মেলা কথাটো স্বীকাৰ কৰিছে খোদ চিকিৎসালয়খনৰ ভাৰপ্ৰাপ্ত স্বাস্থ্য বিষয়া চক্ৰধৰ বৰ্মনে ৷

মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ৰ নৱনিৰ্মিত ভৱনত ফাঁট

মুকালমুৱা সামূহিক চিকিৎসালয়খন মহকুমা অসামৰিক চিকিৎসালয়লৈ উন্নীতকৰণ হোৱাৰ পিছত নিৰ্মাণকাৰ্য আৰম্ভ হৈছিল ভৱনটোৰ ৷ কিন্তু দীৰ্ঘদিনে ঠিকাদাৰৰ হেমাহিৰ বাবে ইয়াক সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজন হয় যথেষ্ঠ সময়ৰ ৷ এতিয়া সম্পূৰ্ণ হোৱাৰ পিছতো ঠিকাদাৰৰ পালমৰা কামৰ বাবেই ভৱনটোৰ দেৱালত ফাঁট মেলা পৰিলক্ষিত হৈছে ৷

লগতে চাওক : দিছপুৰ মহাবিদ্যালয়ৰ নামত ভুৱা mail ID প্ৰস্তুত কৰি ৭৬ লাখ টকা হৰলুকি কৰিলে কোনে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.