নলবাৰী,27 এপ্ৰিল: সমগ্ৰ ৰাজ্যৰ লগতে নলবাৰীতো মহামাৰী কৰ’ণাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৷ নলবাৰীত দিনক দিনে কৰ’ণা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে ৷ সোমবাৰে পুনৰ 85 গৰাকী লোকৰ শৰীৰত ক’ভিডৰ অৱস্থিতি ধৰা পৰিছে ৷ তদুপৰি সোমবাৰৰ দিনটোত আক্ৰান্তৰ হাৰ সৰ্বাধিক বুলি জানিব পৰা গৈছে ৷ জিলা স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি সম্প্ৰতি 428 গৰাকী ব্যক্তি জিলাখনত ক’ভিড আক্ৰান্ত হিচাপে চিহ্নিত হৈছে ৷
এতিয়ালৈ জিলাখনত 403 গৰাকী ৰোগী হোম আইচ’লেছনত থকা বুলি জানিব পৰা গৈছে ৷ জিলা স্বাস্থ্য বিভাগৰ তথ্যত 83 গৰাকী ৰেপিড টেষ্টত আৰু আৰটিপিচিআৰত দুগৰাকী লোকৰ দেহত ক'ভিড ১৯ ৰ অৱস্থিতি ধৰা পৰা বুলি উল্লেখ কৰা হৈছে ৷ ক’ভিডৰ ভয়াৱহতাৰ বাবে চৰকাৰে কেতবোৰ নিৰ্দেশনা ইতিমধ্যে জাৰি কৰিছে । ৰাজ্যত সকলোকে সাৱধানে থকাৰ বাবে আহ্বান চৰকাৰ তথা প্ৰশাসনৰ ।
লগতে পঢ়ক : ক’ভিড নীতি নমনা লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবেই আৰক্ষী বিষয়াক আক্ৰমণ