ETV Bharat / state

নলবাৰীত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন

author img

By

Published : Nov 16, 2020, 7:57 PM IST

নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত আৰু তথ্য আৰু জনসংযোগ বিভাগৰ সহযোগত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয় ৷ এই অনুষ্ঠানত বিশিষ্ট সাংবাদিক তথা নিয়মীয়া বাৰ্তা কাকতৰ সম্পাদক নৰেশ কলিতাৰ লগতে বিশিষ্ট সাংবাদিক যাদৱসেন ডেকা উপস্থিত থাকে ৷

As_nlb_02_National_Press_day_celebration_as10004
নলবাৰীত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন

নলবাৰী, 16 নৱেম্বৰ : নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত আৰু তথ্য আৰু জনসংযোগ বিভাগৰ সহযোগত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয় ৷ উক্ত অনুষ্ঠানত জিলা উপায়ুক্ত পূৰবী কোঁৱৰ, বিধায়ক অশোক শৰ্মাৰ লগতে বিশিষ্ট সাংবাদিক তথা নিয়মীয়া বাৰ্তা কাকতৰ সম্পাদক নৰেশ কলিতাৰ লগতে বিশিষ্ট সাংবাদিক যাদৱসেন ডেকা উপস্থিত থাকে ৷ জিলাখনৰ তথ্য আৰু জনসংযোগ বিষয়া বিনুৰাণী ৰাজবংশীয়ে আঁত ধৰা অনুষ্ঠানটোত কেইবাগৰাকীও জ্যেষ্ঠ সাংবাদিক ক্ৰমে কমলেশ শৰ্মা, ওৱাহিদুজ জামান, বসন্ত দাস, ৰমেন কলিতা, চন্দন কুমাৰ শৰ্মা আদিক সম্বৰ্ধনা জনোৱা হয় ৷ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি সংবাদ মাধ্যমৰ ওপৰত কোভিড-১৯ মহামাৰীৰ প্ৰভাৱ আৰু এই সময়ত সংবাদ মাধ্যমৰ কৰ্তব্য শীৰ্ষক এক আলোচনা চক্ৰ অনুষ্ঠিত হয় ৷

নলবাৰীত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন

আনহাতে, এই অনুষ্ঠানতে শেহতীয়াকৈ সমাপ্ত হোৱা দুৰ্গা পূজাৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় পূজা মণ্ডপৰ স্থান লাভ কৰা পূজা সমিতিসমূহক পুৰস্কৃত কৰা হয় ৷ পুৰস্কাৰ লাভ কৰা পূজা সমিতি সমূহ হৈছে ক্ৰমে- প্ৰথম বিহামপুৰ বাৰোৱাৰী দুৰ্গা মন্দিৰ সমিতি, দ্বিতীয় যুটীয়াভাৱে বৰনৰ্দী পূজা খলা আৰু ফৰেষ্ট অফিচ ৰোড নলবাৰী আৰু তৃতীয় যুটীয়াভাৱে গোপাল বজাৰ দুৰ্গা পূজা সমিতি আৰু বৰকুৰাৰ বৰসৰকুছি পূজা সমিতি ৷ এই বঁটা সমূহ প্ৰদান কৰে জিলা উপায়ুক্ত আৰু নলবাৰী সমষ্টিৰ বিধায়কে ৷

লগতে পঢ়ক:ঘৰ আহি পালে শ্বহীদ বীৰ জোৱানৰ নশ্বৰ দেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.