ETV Bharat / state

Nalbari Children Science Fair: মুকালমুৱাত অনুষ্ঠিত জিলা ভিত্তিক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ

নলবাৰীৰ মুকালমুৱাত শিশু বিজ্ঞান সমাৰোহ-2023 ৷ এই মেলাত নলবাৰী জিলাৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ৷

Nalbari Children Science Fair
মুকালমুৱাত অনুষ্ঠিত জিলা ভিত্তিক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ 2023
author img

By ETV Bharat Assamese Team

Published : Oct 17, 2023, 8:09 PM IST

মুকালমুৱাত অনুষ্ঠিত জিলা ভিত্তিক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ 2023

নলবাৰী, 17 অক্টোবৰ: নলবাৰী জিলাৰ মুকালমুৱাত মঙলবাৰে ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ-2023ৰ নলবাৰী জিলা শিশু বিজ্ঞান সমাৰোহ অনুষ্ঠিত হয় । নলবাৰী আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত মুকালমুৱাৰ বৰক্ষেত্ৰী মহাবিদ্যালয়ত অনুষ্ঠিত এই শিশু বিজ্ঞান সমাৰোহ।

আমাৰ চৌপাশৰ পৰিৱেশ বিনষ্ট কৰা সমস্যাসমূহ ছাত্ৰ-ছাত্ৰীসকলে প্ৰযুক্তিবিদ্যা ব্যৱহাৰ কৰি স্থানীয়ভাৱে কেনেদৰে সমাধান কৰিব পাৰে তাৰে প্ৰচেষ্টাত এই শিশু বিজ্ঞান সমাৰোহখন অনুষ্ঠিত কৰা হয় ।

শিশু বিজ্ঞান সমাৰোহত নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰি প্ৰায় 200 টা প্ৰকল্প উপস্থাপন কৰে । আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা শিশু বিজ্ঞান সমাৰোহত পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচী শুভাৰম্ভ কৰা হয় ৷

বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ চৌহদত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ-2023ৰ নলবাৰী জিলা সমাৰোহৰ 31 খন পতাকা, 31 গৰাকী বিশিষ্ট ব্যক্তি আৰু বিদ্যালয়ৰ প্ৰধান শিক্ষকে উত্তোলন কৰে । গছপুলি ৰোপণ, শপত গ্ৰহণ কাৰ্যসূচীৰ পিচতে ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ নলবাৰী জিলা সমিতিৰ সভাপতি ড৹ দীনমণি ভাগৱতীৰ সভাপতিত্বত অনুষ্ঠিত হয় সভা ৷ আনহাতে শিশু বিজ্ঞান সমাৰোহৰ উদ্বোধক হিচাপে উপস্থিত থাকে নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকাই ৷ উক্ত অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে গুৱাহাটী উন্নয়ন প্ৰাধীকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকাৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি ।

সামৰণি অনুষ্ঠানৰ মুখ্য অতিথিৰূপে উপস্থিত থাকি ছাত্র-ছাত্ৰীসকলক বিজ্ঞানৰ প্ৰয়োজনীয়তা সম্পৰ্কে ভাষণ আগবঢ়াই বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনে । আনহাতে ছাত্ৰ-ছাত্ৰীক বিজ্ঞান শিক্ষাৰ প্ৰয়োজনীয়তা, পৰিৱেশৰ প্ৰতি অহা ভাবুকিৰ সৈতে কেনেকৈ মোকাবিলা কৰিব লাগিব, সমস্যাসমূহ কেনেকৈ বৈজ্ঞানিক পদ্ধতিৰে সমাধান কৰিব পাৰি তাৰ বাবে বিজ্ঞান শিক্ষাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত এই মেলাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হয় শিক্ষা ৷

লগতে পঢ়ক:Flood affected school: পানীয়ে খেদি ফুৰা এখন অভিশপ্ত বিদ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.