ETV Bharat / state

সুমধুৰ কণ্ঠৰে ছ’চিয়েল মিডিয়া কঁপাই তোলা চয়নিকাক জানেনে ? - অসমীয়া গীত

ন-পুৰণি অসমীয়া গীতত কণ্ঠ নিগৰাই শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এগৰাকী যুৱতী ৷ বহু অসমীয়া ন-পুৰণি গীত নিজস্ব শৈলীৰে উপস্থাপন কৰি জনপ্ৰিয়তা লাভ কৰা নৱ প্ৰজন্মৰ এইগৰাকী কণ্ঠশিল্পীগৰাকীক জানেনে ? তেওঁৰ বিষয়ে জানিবলৈ সবিশেষ পঢ়ক...

chayanika baishya from nalbari
নলবাৰীৰ চয়নিকা বৈশ্য
author img

By

Published : Sep 26, 2021, 2:21 PM IST

নলবাৰী, 26 ছেপ্তেম্বৰ : নলবাৰীৰ এগৰাকী প্ৰতিভাৱান যুৱতী ৷ ন-পুৰণি গীত নতুন শৈলীৰে উপস্থাপন কৰি ছ’চিয়েল মিডিয়াত জনপ্ৰিয়তা লাভ কৰিছে যুৱতীগৰাকীয়ে ৷ ‘দুহাততে দিছা মোক ফুল’, ‘গধূলি আহিল’, ‘হিয়া দিয়া নিয়া’ আদি বহু অসমীয়া ন-পুৰণি গীত নিজ শৈলীৰে উপস্থাপন কৰি ছ’চিয়েল মিডিয়াত চৰ্চিত হৈ পৰিছে যুৱতীগৰাকী ৷

এই যুৱতীগৰাকী হৈছে নলবাৰীৰ অময়াপুৰ গাঁও নিৱাসী জোতিষ বৈশ্য আৰু মাতৃ বিচিত্ৰা বৈশ্যৰ কন্যা চয়নিকা বৈশ্য(Chayanika Baishya) ৷ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে চয়নিকাই কণ্ঠ নিগৰোৱা ইটোৰ পাচত সিটো গীত ৷ সৰুৰে পৰা সংগীতৰ প্ৰতি আকৃষ্ট চয়নিকাই নিজ ঘৰতে সংগীতৰ বাতাবৰণ লাভ কৰি আহিছে ৷

নলবাৰীৰ চয়নিকা বৈশ্য

নিজ ঘৰতেই সংগীতৰ প্ৰয়োজনীয় ব্যৱস্থাপনা কৰি লৈছে কণ্ঠশিল্পীগৰাকীয়ে ৷ চয়নিকাৰ এই যাত্ৰাত সহায় আগবঢ়াইছে পিতৃ-মাতৃ আৰু ককায়েকে ৷ একক গীতৰ লগতে ককায়েকৰ সৈতেও দ্বৈতভাৱে গীত ৰেকৰ্ড কৰিছে চয়নিকাই ৷ গৃহ জিলা নলবাৰীতে সংগীতৰ শিক্ষা লাভ কৰা এইগৰাকী উচ্চশিক্ষিত যুৱতীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’কে ধৰি বিভিন্ন সংগীতৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি বহু পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে ।

সংগীতৰ লগতে স্নাতকোত্তৰ(MA) ডিগ্ৰী লাভ কৰা চয়নিকা বৈশ্যই নলবাৰীৰ এখন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানত বিষয় শিক্ষয়িত্ৰী হিচাপে কাম কৰি আছে । শেহতীয়াকৈ চয়নিকাই বিভিন্ন গীতত কণ্ঠদান কৰিছে ৷ ইয়াৰোপৰি, আকাশবাণী গুৱাহাটীৰ মহাৰজত জয়ন্তী উপলক্ষে পাঠ হ’বলগীয়া জনপ্ৰিয় উপন্যাস ‘অসীমত হেৰাল যাৰ সীমা’ৰ কেন্দ্ৰৰ সঞ্চালক ৰাজীৱ বৰুৱাই লিখা এটি গীতত নেপথ্য শিল্পী হিচাপে কণ্ঠদান কৰাৰ সুযোগ লাভ কৰে ৷

নলবাৰীৰ গৌৰৱ চয়নিকাৰ সংগীতৰ যাত্ৰা উৰ্ধমুখী হওক, সমগ্ৰ অসমে আদৰি লওক চয়নিকাৰ সুমধুৰ সংগীত ৷ এই কামনাৰে ইটিভি ভাৰতৰ তৰফৰ পৰা চয়নিকালৈ থাকিল অলেখ শুভকামনা ৷

লগতে পঢ়ক: অক্ষয় কুমাৰৰ বিৰুদ্ধে অশালীন অৰ্থ প্ৰকাশক বিজ্ঞাপনত কাম কৰাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.