নলবাৰী, 18 ডিচেম্বৰ : নলবাৰী জিলাৰ চামতাৰ ঐতিহ্যমণ্ডিত কুলবিলঘাট ৰাজহুৱা শিৱালয়ৰ নতুন অতিথি গৃহ নিৰ্মাণৰ বাবে ভূমি পূজন শুকুৰবাৰে সম্পন্ন হয় । অসম চৰকাৰৰ "অসম দৰ্শন" আঁচনিৰ পৰা পোৱা দহ লাখ টকাৰে নিৰ্মাণ কৰা হ‘ব ভক্ত দৰ্শনাৰ্থী তথা কুলবিলঘাট ৰাজহুৱা শিৱালয়লৈ অহা অতিথি সকলৰ জিৰণি আৰু থকা লোৱাৰ বাবে অতিথি গৃহটো ব্যৱহাৰ কৰা হ'ব ।
উল্লেখ্য যে,প্ৰতি বছৰে মহা শিৱৰাত্ৰিত কুলবিলঘাট ৰাজহুৱা শিৱালয়ত প্ৰায় লক্ষাধিক ভক্তৰ সমাগম হয় । বছৰৰ প্ৰতিদিনে এই মন্দিৰলৈ আহে ভিন্ন প্ৰান্তৰ ভক্ত । শুকুৰবাৰে ভূমি পূজন অনুষ্ঠানত কুলবিলঘাট ৰাজহুৱা শিৱালয় সমিতিৰ লগতে ভক্ত উপস্থিত থাকে ।
লগতে পঢ়ক: মৃত্যুৰ সিপাৰৰ পৃথিৱীলৈ গুচি যোৱাৰ পাছতো জীয়াই আছে আঢ়ৈবছৰীয়া জশ