নলবাৰী, 11 আগষ্টঃ নলবাৰীত প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনৰ পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ । কমাৰকুচিৰ পৰা কৰ্দৈতোলালৈ নিৰ্মাণ কৰি থকা 4.2 কিমি পথচোৱাত সংঘটিত হৈছে এই দুৰ্নীতি ৷ পথচোৱাৰ বাবে আৱণ্টন হৈছিল 2,80,62,771 টকা । প্ৰায় 2.80 কোটি টকীয়া উক্ত পথচোৱা নিৰ্মাণ কৰোতে অতি নিম্ন মানৰ ব্লক ব্যৱহাৰৰ অভিযোগ উত্থাপিত কৰিছে একাংশ ৰাইজে ৷ ইপিনে মাটি নেপেলোৱাকৈয়ে আৰম্ভ কৰিছিল পথচোৱাৰ কাম ৷ ইফালে পথচোৱাৰ লগতে নিৰ্মাণ কৰা কালভাৰ্ট এটাও ভাগিবলৈ লৈছে নিৰ্মাণৰ পিছতে ৷
ৰাইজৰ অভিযোগ, সমষ্টিটোৰ বিধায়কৰ লগত ঘনিষ্ঠ হোৱাৰ সুবাদতে ঠিকাদাৰ জ্যোতিপ্ৰসাদ বৈশ্যই বিভাগীয় অভিযন্ত্ৰাৰ সৈতে মিলি পথ নিৰ্মানত সংঘটিত কৰিছে এই অনিয়ম ৷