নলবাৰী, 7 মে' : বৃহস্পতিবাৰে নলবাৰীৰ ঘগ্ৰাপাৰত বহি:ৰাজ্যৰ পৰা অহা প্ৰায় ডেৰ শতাধিক লোকে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে ৷ বহি:ৰাজ্যৰ পৰা তিনিখন নাইট চুপাৰকে ধৰি 17 খন সৰু-বৰ বাহনৰ জৰিয়তে অহা যাত্ৰী সকলে আৰক্ষী প্ৰসাসনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি অৱৰোধ কৰিলে ৰাষ্ট্ৰীয় ঘাইপথ ৷
যাত্ৰী সকলৰ অভিযোগ অনুসৰি, শ্ৰীৰামপুৰৰ পৰা কামৰূপলৈ কৰা যাত্ৰা পথত আৰক্ষীয়ে যাত্ৰী সকলক বাৰম্বৰ অত্যাচাৰ চলোৱাৰ অভিযোগ উখাপন হৈছে ৷ যাত্ৰা পথত তেওঁলোকক কোনো ধৰণৰ খাদ্য সামগ্ৰী যোগন নধৰাৰো অভিযোগ ৷ আনকি যাত্ৰী সকলে অসম চৰকাৰৰ হেল্প লাইন নম্বৰত সহায় বিচৰাৰ পিছতো কোনো ধৰণৰ সহায় নকৰাৰ অভিযোগ ৷ যাৰবাবে ভোকে-পিয়াহে আহিব লগা হয় ছাত্ৰ-ছাত্ৰীৰ লগতে আন সকলোবোৰ যাত্ৰী ৷
উল্লেখযোগ্য যে, বহি:ৰাজ্যৰ পৰা অহা বাহন কেইখনক নলবাৰী জিলাৰ সীমান্ত পাৰ কৰাই দিয়াৰ বাবে নলবাৰী জিলাৰ ঘগ্ৰাপাৰত ৰখাইছিল ৷ পৰৱৰ্তী সময়ত ঘগ্ৰাপাৰ আৰক্ষীয়ে কামৰূপ আৰক্ষীক বাহন কেইখন হস্তান্তৰ কৰাৰ সময়তে ৰাষ্ট্ৰীয় ঘাইপথত যাত্ৰী সকলে এই উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰে ৷
লগতে পঢ়ক : অনিশ্চয়তাত ৰাজ্যত ১৯ খন কেঞ্চাৰ হাস্পতালৰ নিৰ্মাণ !