নলবাৰী,7 জুন: ৰাজ্যত মহামাৰী কৰ'ণাৰ ভয়াৱহতাৰ বাবে বন্ধ হৈ পৰিছে খেলুৱৈসকলৰ অনুশীলন ৷ ৰাজ্য চৰকাৰে ঘোষণা কৰা মিনি লক ডাউন আৰু আন্ত:জিলা যাতায়াত বন্ধৰ বাবে দিন-হাজিৰা কৰি ঘৰ চলোৱা খেলুৱৈসকলৰো কাম-কাজ বন্ধ হৈ পৰিছে । যাৰ ফলত খেলুৱৈসকলৰ মাজত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ৷
ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ নলবাৰী জিলাৰ খেলুৱৈসকলৰ জীৱনলৈও নামি আহিছে কাল অমানিশা ৷ খেলুৱৈসকলৰ এই দুৰ্দশাৰ সময়ত সহায় কৰিবলৈ জিলাখনৰ অগ্ৰণী ক্ৰীড়া সংগঠন পূৱ নলবাৰী কোচিং চেণ্টাৰৰ খেলুৱৈসকলে ৰাইজৰ পৰা বিচাৰিছিল সহায় ৷ সেইমৰ্মে দেওবাৰে এই খেলুৱৈসকলক সহায় কৰিবলৈ আগবাঢ়ি আহে বহুলোক ৷ জিলাখনৰ জাজিয়াবাৰী গাঁৱৰ পূৱ নলবাৰী কোচিং চেণ্টাৰৰ প্ৰায় ৪০ জন খেলুৱৈৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে নলবাৰী ক্ৰীড়া সন্থাৰ আজীৱন সভ্য, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা দিলীপ চৌধুৰীয়ে ।
খেলুৱৈসকলৰ মাজত অত্যাৱশ্যকীয় সামগ্ৰীসমূহ বিতৰণ কৰে কোচিং চেণ্টাৰ কৰ্তৃপক্ষই ৷ লগতে খেলুৱৈসকলক মহামাৰীৰ সময়ত সহায় কৰাৰ বাবে দিলীপ চৌধুৰীক কোচিং চেণ্টাৰৰ লগতে ক্ৰীড়াপ্ৰেমী তথা স্থানীয় ৰাইজে ধন্যবাদ জ্ঞাপন কৰে ।
অন্য এক খবৰৰ বাবে:পথৰ দুৰৱস্থা: ঠেলি ঠেলি পাৰ কৰিবলগা হৈছে এম্বুলেঞ্চ