নলবাৰী,9 অক্টোবৰ: ‘আদৰ্শ গাঁও’ হিচাপে স্বীকৃতি লাভ কৰাৰ পাচতো চৰকাৰী আঁচনিত লুণ্ঠনৰাজ চলাৰ অভিযোগ উত্থাপন হৈছে নলবাৰীৰ অন্য়তম আদৰ্শ গাঁও জাহা গাঁৱত ৷
গাঁওবাসীৰ অভিযোগ অনুসৰি গাঁওখনৰ বহু কেইগৰাকী দুখীয়া হিতাধিকাৰীয়ে এতিয়াও ৰেচন কাৰ্ড,প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা,অৰুণোদয় আঁচনি আদি ঢুকি পোৱা নাই । এই কেলেংকাৰী সন্দৰ্ভত স্থানীয় ৰাইজে বিভিন্ন মহলত অভিযোগ নামা দাখিল কৰিছে যদিও কোনো সুফল পোৱা নাই ভুক্তভোগী ৰাইজে ৷
সেয়েহে শুকুৰবাৰে সংবাদ মাধ্যমযোগে স্থানীয় ৰাইজে এই দুৰ্নীতিত হস্তক্ষেপ কৰি গাঁওখনৰ প্ৰকৃত দুখীয়া হিতাধিকাৰীক আঁচনি প্ৰদান কৰাৰ বাবে চৰকাৰক আহ্বান জনায় ৷
লগতে পঢ়ক: আৰৱী ভাষাক লৈ প্ৰতিক্ৰিয়া প্ৰাক্তন মন্ত্ৰী মহিবুল হকৰ