ETV Bharat / state

Exceptional Bhela Ghar: নলবাৰীত শৰাইঘাটৰ ৰণৰ আৰ্হিত ভেলাঘৰ নিৰ্মাণ - Bhogali bihu velaghar

নলবাৰীত ব্যতিক্ৰমী ভেলাঘৰ নিৰ্মাণ (exceptional velaghar in Nalbari) । লাচিত বৰফুকনে মোগল আক্ৰমণৰ দৃশ্য এইবাৰ নলবাৰীৰ মাজদিয়াৰ ভেলাঘৰত ।

Nalbari
Nalbari
author img

By

Published : Jan 10, 2023, 6:33 PM IST

নলবাৰীৰ ভেলাঘৰত এইবাৰ শৰাইঘাটৰ ৰণ

নলবাৰী, ১০ জানুৱাৰী : ভোগালী বিহুলৈ মাজত মাথোঁ কেইটামান দিন (Bhogali Bihu coming soon) । পৰম্পৰাগতভাৱে সমগ্ৰ ৰাজ্যতে এতিয়া ভোগালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি ৷ অসমীয়াৰ বাপতি সাহোন ভোগালী বিহু পদূলি মুখত ৷ সেয়ে এতিয়া গাঁৱৰ আবাল-বৃদ্ধা-বণিতাই অসমীয়া কৃষ্টিক ধৰি ৰখাৰ প্ৰয়াস কৰিছে ৷ কৃষ্টিৰ বৰপথাৰত ভোগালী বিহুৰ উৰুকাৰ দিনটোত সজা হয় মেজি আৰু ভেলাঘৰ (Bhogali bihu meji) ৷

বৰ্তমান ভেলাঘৰটো কেতিয়াবা হৈ পৰে আন কাৰোবাৰ বাবে আদৰ্শ ৷ নলবাৰীৰ মাজদিয়াত এইবাৰ গঞাই এটি ব্যতিক্ৰমী ভেলাঘৰ প্ৰস্তুত কৰি এতিয়া চৰ্চাত (Bhogali bihu velaghar) ৷ পিছে কিয় ! মাজদিয়াবাসীয়ে আজিৰ প্ৰজন্মক অসমৰ ইতিহাসৰ প্ৰতি আকৰ্ষিত কৰাবলৈ প্ৰতিবছৰে নিৰ্মাণ কৰি আহিছে বুৰঞ্জীৰ ঘটনা প্ৰবাহৰ আধাৰত গ্ৰহণ কৰা আৰ্হিত ভেলাঘৰ (exceptional velaghar in Nalbari) ৷

নলবাৰীৰ মাজদিয়াত ষষ্ঠ বাৰ্ষিক ভোগালী বিহু উদযাপনৰ ব্যাপক আয়োজন এইবেলিও ৷ প্ৰতিবছৰে অনুষ্ঠিত কৰি অহা হৈছে মাজদিয়া গাঁৱত ভোগালী বিহু ৷ সেয়ে এইবেলিও বিভিন্ন কাৰ্যসূচীৰে নলবাৰীৰ মাজদিয়া গাঁৱত ভোগালী বিহুৰ আয়োজন কৰা হৈছে ব্যতিক্ৰমীভাৱে ৷ সেয়ে ইয়াৰ লগত সংগতি ৰাখি উৰুকাৰ প্ৰাকক্ষণত প্ৰস্তুত কৰি তুলিছে নলবাৰীত এই ব্যতিক্ৰমী ভেলাঘৰটো ৷

যিটো ভেলাঘৰ এতিয়া নলবাৰীবাসীৰ বাবে চৰ্চাত আছে ৷ পৰম্পৰাগতভাবে প্ৰতিবছৰে মাজদিয়াবাসীয়ে নিৰ্মাণ কৰে এক ব্যতিক্ৰমী ভেলাঘৰ ৷ এইবাৰ ষষ্ঠ বাৰ্ষিক ভোগালী বিহুৰ লগত সংগতি ৰাখি নিৰ্মাণ কৰিছে নৰিয়া দেহাৰে লাচিত বৰফুকনে নাৱত উঠি মোগলক আক্ৰমণ কৰাৰ প্ৰতীকপটৰ ভেলাঘৰটো ৷ ইয়াৰ পূৰ্বে মাজদিয়াবাসীয়ে চতুৰ্থ বৰ্ষত গহপুৰ থানাত কনকলতা বৰুৱাই পতাকা উত্তোলন কৰা প্ৰতীকপটত ভেলাঘৰ নিৰ্মাণ কৰাৰ লগতে পঞ্চম বৰ্ষত জয়মতীক জেৰেঙা পথাৰত শাস্তি দিয়াৰ বিৰল প্ৰতীকপটত ভেলাঘৰটো নিৰ্মাণ কৰি চৰ্চাত আছিল মাজদিয়াবাসী ৷

অৱশ্যে এইবাৰ ১০০ ডালৰ অধিক বাঁহ আৰু নৰাৰে নিৰ্মাণ কৰি থকা ভেলাঘৰটোৰ লাইখুঁটা স্থাপন কৰে ২৫ ডিচেম্বৰত ৷ আনহাতে, অঞ্চলটোৰ কণ কণ শিশুসকলক বুৰঞ্জীৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে মাজদিয়াবাসীয়ে এনেধৰণেৰে ব্যতিক্ৰমী ভেলাঘৰ সাজি সকলোকে আকৰ্ষিত কৰি আহিছে ৷ এইবাৰ লাচিত বৰফুকনৰ ৪০০ বছৰ জন্মজয়ন্তী উপলক্ষে উক্ত ভেলাঘৰটো নিৰ্মাণ কৰা হয় বুলি জনায় মাজদিয়াৰ এগৰাকী বয়োজ্যেষ্ঠ লোকে ৷ ইপিনে মাঘ বিহুৰ দিনটোত সাংস্কৃতিক সন্ধিয়াৰ লগতে নৃত্য প্ৰতিযোগিতাৰো আয়োজন কৰিছে উদোক্তাসকলে ৷

লগতে পঢ়ক :Pottery Artists busy for Bihu: ভোগালীক আদৰিবলৈ সাজু অসমৰ মৃৎ শিল্পীসকল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.