ETV Bharat / state

নলবাৰীত মানৱতাৰ উৎকৃষ্ট নিদৰ্শন - অন্তোষ্টিক্ৰিয়া

নলবাৰীত সাম্প্ৰদায়িক সম্প্ৰীতিৰ অনান্য নিদৰ্শন । হিন্দু ধৰ্মৰ মহিলাৰ অন্তোষ্টিক্ৰিয়া সম্পন্ন কৰে এগৰাকী মুছলিম সম্প্ৰদায়ৰ ব্যক্তিয়ে । নলবাৰীৰ শান্তি নিৱাস বৃদ্ধাশ্ৰমত যোৱা দুবছৰৰো অধিক সময় আশ্ৰয় গ্ৰহণ কৰি থকা এগৰাকী অসহায় বৃদ্ধাৰ অন্তোষ্টিক্ৰিয়া সম্পূৰ্ণ হিন্দু ৰীতি-নীতিৰে সম্পন্ন কৰে সাংবাদিক মজিবুৰ ৰহমানে ।

নলবাৰী
নলবাৰীত মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, হিন্দু মহিলাৰ অন্তোষ্টিক্ৰিয়া সম্পন্ন কৰে মুছলিম সম্প্ৰদায়ৰ ব্যক্তিয়ে
author img

By

Published : Apr 11, 2020, 9:49 PM IST

Updated : Apr 11, 2020, 10:04 PM IST

নলবাৰী, ১১ এপ্ৰিলঃ ৰাজ্যত একাংশ ধৰ্মান্ধ লোকে হিন্দু মুছলমানৰ মাজত বিভেদ সৃষ্টি কৰি সমাজত বিষ বাস্প বিয়পাই তোলাৰ সময়তে নলবাৰীত আজি পুনৰবাৰ দেখা গ'ল সাম্প্ৰদায়িক সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন । সমগ্ৰ বিশ্বৰ লগতে ভাৰততো কৰ'ণা ভাইৰাছৰ বিভিষিকাময় পৰিস্থিতি আৰু লক ডাউনৰ ভয়াবহতাৰ মাজত নলবাৰীত এগৰাকী সাংবাদিকে দেখুৱালে মহানুভৱতা । নলবাৰীৰ শান্তি নিৱাস বৃদ্ধাশ্ৰমত যোৱা দুবছৰৰো অধিক সময় আশ্ৰয় গ্ৰহণ কৰি থকা এগৰাকী অসহায় বৃদ্ধা শকুন্তলা দাসে (৭৫) শুকুৰবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে । দীৰ্ঘদিনৰ অসুস্থতাৰ অন্তত শুকুৰবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে বৃদ্ধা গৰাকীয়ে ।

নলবাৰীত মানৱতাৰ উৎকৃষ্ট নিদৰ্শন, হিন্দু মহিলাৰ অন্তোষ্টিক্ৰিয়া সম্পন্ন কৰে মুছলিম সম্প্ৰদায়ৰ ব্যক্তিয়ে

যাৰ পৰিপ্ৰেক্ষিতত নলবাৰীৰ ৰাজহুৱা শ্মসানত বৃদ্ধা গৰাকীক বৈদিক নিয়মেৰে মুখাগ্নি কৰে সাংবাদিক মজিবুৰ ৰহমানে । উল্লেখ্য যে বৰ্ণিবাৰী গাঁৱৰ শকুন্তলা দাসৰ বিবাহ হৈছিল নলবাৰীৰ সোনপুৰত । বৃদ্ধা গৰাকীৰ সন্তান নাছিল । স্বামীৰ মৃত্যুৰ পাচত বৃদ্ধা গৰাকী পিতৃ গৃহলৈ যায় যদিও তাত আশ্ৰয় নাপালে বৃদ্ধা গৰাকীয়ে । যাৰ বাবে বৰ্ণিবাৰীৰ সাপ্তাহিক বজাৰৰ এক কদৰ্যময় অবস্থাত দিন অতিবাহিত কৰিব লগীয়া হৈছিল শকুন্তলা দাসে ।

বৰ্ণিবাৰীত বজাৰ গৃহত এবছৰ ধৰি আশ্ৰয় লৈ থকাৰ খবৰ লাভ কৰি সেই স্থানৰ পৰা উদ্ধাৰ কৰি আনিছিল সাংবাদিক মজিবুৰ ৰহমানে । মধুমেহ , উচ্চ ৰক্তচাপকে ধৰি বিভিন্ন ৰোগত আক্ৰান্ত বৃদ্ধা গৰাকীক উদ্ধাৰ কৰি আনি চিকিৎসাৰ অন্তত আশ্ৰয়ৰ ব্যৱস্থা কৰিছিল শান্তি নিৱাসত । সাংবাদিক মজিবুৰ ৰহমানে বিগত দুবছৰৰো অধিক সময় বৃদ্ধা গৰাকীক চিকিৎসা কৰোৱাই ভৰণ পোষণ দি আহিছিল যদিও বিগত সময়ছোৱাত এদিনৰ বাবেও বৃদ্ধা গৰাকীৰ খবৰ নললে আত্মীয় স্বজনে ।

অবশেষত, শুকুৰবাৰে নিশা শকুন্তলা দাসে শেষ নিশ্বাস ত্যাগ কৰাৰ পাচত সাংবাদিক ৰহমানে তেওঁৰ আত্মীয় স্বজনলৈ খবৰ পঠাইছিল যদিও অন্তোষ্টিক্ৰিয়া স্থলীত পৰিয়ালৰ কোনো লোক উপস্থিত নহয় । যাৰ বাবে সাংবাদিক মজিবুৰ ৰহমানে হিন্দু ৰীতি মতে বৈদিক নিয়মেৰে মুখাগ্নি কৰে বৃদ্ধা গৰাকীৰ ।

Last Updated : Apr 11, 2020, 10:04 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.