ETV Bharat / state

পথাৰত মেলিছে চিৰাল ফাট, কৃষকৰ মাজত হাহাকাৰ - ভেকুলী বিয়া নলবাৰী

পথাৰত মেলিছে চিৰাল ফাট, কৃষকৰ মাজত হাহাকাৰ ৷ বৰষুণৰ বাবে নলবাৰীৰ ডাঙৱাপাৰাৰ বৰগাছা গাঁৱৰ কৃষক ৰাইজে পথাৰত আয়োজন কৰে নাম প্ৰসংগৰ ৷একমাত্ৰ বৰষুণৰ পানীৰ ওপৰত ভৰসা কৰি খেতি কৰা কৃষক সকললৈ বৰুণ দেৱতাৰ সুদৃষ্টি নপৰাত এতিয়া হাহাকাৰ কৰিব লগীয়া হৈছে ৷

খাৰঙৰ কবলত পথাৰত চিৰাল ফাটঃ কৃষকৰ হাহাকাৰ
author img

By

Published : Aug 30, 2019, 9:15 AM IST

Updated : Aug 30, 2019, 9:21 AM IST

নলবাৰী, 30 আগষ্টঃ বৰষুণৰ বাবে ভেকুলী বিয়া নহয় । বৰষুণৰ বাবে এইবাৰ নলবাৰীৰ পথাৰত কৃষকৰ নাম প্ৰসংগ । বছৰৰ দ্বিতীয়টো বানৰ পাচত নলবাৰীত এতিয়া খৰাং পৰিস্থিতিয়ে দেখা দিছে । বৰষুণৰ অভাৱত হাজাৰ হাজাৰ বিঘা কৃষি ভূমি শুকাই পথাৰত চিৰাল ফাট মেলিবলৈ আৰম্ভ কৰিছে যাৰ বাবে মূৰে কপালে হাত দিব লগা হৈছে কৃষকে ৷ কিন্তু ইয়াৰ পাছতো কাণসাৰ নাই জলসিঞ্চন বিভাগৰ ৷ সেয়ে নলবাৰীৰ ডাঙৱাপাৰাৰ বৰগাছা গাঁৱৰ কৃষক ৰাইজে উপায়ন্তৰ হৈ বৰুণ দেৱতাৰ কৃপা বিচাৰি পথাৰত নাম প্ৰসংগৰ আয়োজন কৰে ৷ লগতে নাম প্ৰসংগৰ জৰিয়তে জলসিঞ্চন বিভাগৰ সুমতিও কামনা কৰে চহা ৰাইজে ৷

খৰাঙৰ কবলত পথাৰত চিৰাল ফাটঃ কৃষকৰ হাহাকাৰ

ইফালে শোণিতপুৰৰ ৰঙাপৰাৰ মোলানগাঁৱতো খৰাঙৰ কবলত বিস্তীৰ্ণ কৃষিভূমিত চিৰাল ফাট মেলিছে ৷ অধিকাংশ কৃষিভূমিত চিৰাল ফাট মেলাত কঠীয়া সমূহ সেউজীয়া বৰণৰ পৰিৱৰ্তে ৰঙচুৱা হৈ পৰিছে ৷ এনে পৰিস্থিতিত জলসিঞ্চন বিভাগৰ কোনো আঁচনিয়ে ঢুকি নোপোৱা অঞ্চলটোৰ কৃষক ৰাইজে সন্দিহান হৈ পৰিছে ৷

Intro:এইবাৰ বৰষুণ বিছাৰি ভেকুলী বিয়া নহয় । বৰষুণ বিছাৰি নলবাৰীত ব্যতিক্ৰমী ৰপত নাম প্ৰসংগ। মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ সমষ্টিৰ দৃশ্য এয়া।

Body:বছৰৰ দ্বিতীয় টো বানৰ কৱলত পৰাৰ পিছত নলবাৰীত এতিয়া খৰাং পৰিস্থিতিয়ে দেখা দিছে।মুৰে কপালে হাত দিৱ লগা হৈছে কৃষকে ।পথাৰত কেৱল চিৰাল ফাট।এয়া নলবাৰীৰ ডাঙৱাপাৰাৰ বৰগাছাৰ দৃশ্য হাজাৰ হাজাৰ বিঘা কৃষি ভূমি বৰষুণৰ অভাৱত শুকাই যাৱ ধৰিছে খেতিসমূহ। খেতিত সপোন ৰচা খেতিয়কৰ এতিয়া কেৱল হুমুনিয়াহ।জলসিঞ্চন বিভাগৰ নাই কোনো ব্যৱস্থা।উপায়ন্তৰ হৈ এইদৰেই পথাৰৰ মাজত বৰুণ দেৱতাক বিচাৰি নাম প্ৰসংগ কৰিছে আয়তিসকলে।আয়তীসকলে পথাৰৰ চিৰাল ফাট মেলা পথাৰৰ মাজত ষ্টুটি কৰা দেখা গৈছে বৰষুণৰ বাবে যাতে তেওঁলোকৰ খেতিডৰা ৰক্ষা পৰে।লগতে জলসিঞ্চন বিভাগৰ সুমতি বিচাৰি নাম প্ৰসংগ কৰিছে মহিলাসকলে।

Conclusion:নলবাৰীৰ পৰা কৈলাস ডেকা।
Last Updated : Aug 30, 2019, 9:21 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.