নলবাৰী,18 মাৰ্চঃ এসময়ত হাতত অস্ত্ৰ তুলি লৈ স্বাধীন অসমৰ সপোন দেখা নলবাৰীৰ এজন প্ৰাক্তন আলফা নেতা এতিয়া হৈ পৰিছে সকলোৰে বাবে আদৰ্শ । অস্ত্ৰ এৰি মূলসূঁতীলৈ উভতি আহি নিজকে স্বাৱলম্বী কৰি তোলাৰ যুঁজত অৱতীৰ্ণ হোৱা প্ৰাক্তন আলফা নেতা জন হৈছে নলবাৰী চহৰৰ সমীপৰ পয়লা গাঁৱৰ অজিত মেধি । সশস্ত্ৰ সংগ্ৰামৰ প্ৰতি আকৰ্ষিত হৈ ২০০০ চনত নিষিদ্ধ ঘোষিত আলফাত যোগদান কৰিছিল অজিত মেধিয়ে । পৰৱৰ্তী সময়ত 2০০৩ চনত ভূটান অলক্লিয়েৰ অপাৰেচনত আত্মসমৰ্পণ কৰি মূলসূঁতীলৈ উভতি আহে অজিত মেধিয়ে । ইয়াৰ পিছতেই তেখেতে নিজক স্বাৱলম্বী কৰাৰ বাবে নিজৰ প্ৰায় বিশ বিঘা ভূমি সামৰি আৰম্ভ কৰে ফল-মূলৰ বাগান । চৰকাৰী কোনো সাহায্য অবিহনেই তেখেতে আম,মৌচুমী,কমলা,নেমু টেঙাৰ লগতে গঢ়ি তুলিছে শাল,চেগুণ,গমাৰি আদি গছৰ এখনি বাগিচা । ইয়াৰ সমান্তৰালভাৱে পৃথকে পৃথকে গঢ়ি তুলিছে কুকুৰা,পাৰ চৰাই,ছাগলী আৰু গাহৰিৰ পাম । তেখতে সম্পূৰ্ণ নিজাববীয়া প্ৰচেষ্টাতে ঘৰতে গঢ়ি তুলিছে ফেনাইল,চিত্ৰনলা,হাৰপিক্,ব্লিছিং পাউদাৰৰ উদ্যোগ । এনেদৰেই নিজৰ ক্ষুদ্ৰ উদ্যোগৰ পৰা তেখেতে বছৰি ষাঠী হাজাৰৰ পৰা লাখ টকা পৰ্যন্ত উপাৰ্জন কৰিবলৈ সক্ষম হৈছে । সম্প্ৰতি অজিত মেধি হৈ পৰিছে অঞ্চলটোৰ যুৱ প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ আন এটি নাম ।
লগতে পঢ়ক-কৰ'ণা ভাইৰাছ আতংক!